প্ৰবীণ চিন্তাবিদ, লেখক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী আৰু ধীৰেন্দ্ৰনাথ বেজবৰুৱাক গুৱাহাটীত সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটী, ২৬ জুলাই (হি.স.)। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ এগৰাকী স্বনামধন্য সাংবাদিক, ''দ্য ছেণ্টিনেল'' কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক তথা সুলেখক ধীৰেন্দ্ৰনাথ বেজবৰুৱাক আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বেজবৰুৱাৰ গুৱাহাটীৰ বাসগৃহত সাক্ষাৎ কৰে আৰু
ধীৰেন্দ্ৰনাথ বেজবৰুৱাক গুৱাহাটীত সাক্ষাৎ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে


ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীক গুৱাহাটীত সাক্ষাৎ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে


গুৱাহাটী, ২৬ জুলাই (হি.স.)। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ এগৰাকী স্বনামধন্য সাংবাদিক, 'দ্য ছেণ্টিনেল' কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক তথা সুলেখক ধীৰেন্দ্ৰনাথ বেজবৰুৱাক আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বেজবৰুৱাৰ গুৱাহাটীৰ বাসগৃহত সাক্ষাৎ কৰে আৰু আশীৰ্বাদ গ্ৰহণ কৰে।‌ বৰ্ষীয়ান বেজবৰুৱাদেৱৰ অতুলনীয় কৰ্মৰাজি আৰু সংবাদ জগতলৈ আগবঢ়োৱা অৱদানে নতুন প্ৰজন্মক সংবাদ সেৱা তথা সাহিত্য ক্ষেত্ৰত ন উদ্যমেৰে কাম কৰিবলৈ প্ৰেৰণা যোগাই আহিছে। এতিয়াও সপ্ৰতিভ বেজবৰুৱাদেৱৰ স্বাস্থ্যৰ খবৰ ল'লোঁ আৰু তেখেত সুঠাম, সজীৱ হৈ থকাৰ কামনা কৰিলোঁ।, সোণোৱালে উল্লেখ কৰে।

ইয়াৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশিষ্ট চিন্তাবিদ, সুলেখক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীক নিজৰ গুৱাহাটীৰ বাসগৃহত সাক্ষাৎ কৰে আৰু বিভিন্ন বিষয়ত বাৰ্তালাপ কৰে। প্ৰায় ৯৭ বছৰ বয়সতো সপ্ৰতিভ হৈ থাকি কিদৰে কৰ্মোদ্যমৰ মাজেৰে জীৱন সুন্দৰ কৰিব পাৰি, তাৰেই নিদৰ্শন দাঙি ধৰিছে প্ৰবীণ চিন্তাবিদ, সুলেখক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী ডাঙৰীয়াই। আজি তেখেতৰ গুৱাহাটীৰ বাসগৃহত উপস্থিত হৈ কুশলবাৰ্তা বিনিময় কৰোঁ আৰু তেখেতৰ সুস্বাস্থ্য কামনা কৰোঁ। নতুন চামে তেখেতৰ সুস্বাস্থ্যকৰ জীৱনশৈলীৰপৰা উদ্বুদ্ধ হৈ নিজ নিজ ক্ষেত্ৰত উজলি উঠক, তাৰেই আশা ৰাখিলোঁ।, সোণোৱালে উল্লেখ কৰে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande