গুৱাহাটী, ২৬ জুলাই (হি.স.)। কাৰ্গিল বিজয় দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ১৯৯৯ চনৰ যুদ্ধৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই বীৰসকলৰ ত্যাগে দেশৰ যুৱক-যুৱতীসকলক সদায় অনুপ্ৰাণিত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়।
ৰাজ্যিক বিজেপিৰ সভাপতি শইকীয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ভাৰতৰ দ্বিতীয় দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰী হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। মোডীক আধুনিক ভাৰতৰ স্থপতি বুলি অভিহিত কৰি তেওঁ কয় যে সবকা সাথ, সবকা বিকাশৰ মনোভাৱেৰে নতুন ভাৰত গঢ়ি তোলাৰ দিশত মোডীৰ নেতৃত্ব ঐতিহাসিক।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া