কাৰ্গিল বিজয় দিৱস উপলক্ষে হাইলাকান্দিত বিজেপি যুব ম’ৰ্চাৰ বাইক ৰেলী
হাইলাকান্দি, ২৬ জুলাই (হি.স.)। কাৰ্গিল বিজয় দিৱস উপলক্ষে আজি হাইলাকান্দিত ভাৰতীয় জনতা যুব ম’ৰ্চাৰ উদ্যোগত এক শৌৰ্য-পূৰ্ণ বাইক ৰেলীৰ আয়োজন কৰা হয়। হাইলাকান্দি চহৰৰ উপকণ্ঠ বাউৰঘাটৰ পৰা আৰম্ভ হোৱা এই ৰেলী চহৰখনৰ বেলেগ বেলেগ ৰাস্তা পৰিভ্ৰমণ কৰি চহৰৰ
কাৰ্গিল বিজয় দিৱস উপলক্ষে হাইলাকান্দিত বিজেপি যুব ম’ৰ্চাৰ বাইক ৰেলী


হাইলাকান্দি, ২৬ জুলাই (হি.স.)। কাৰ্গিল বিজয় দিৱস উপলক্ষে আজি হাইলাকান্দিত ভাৰতীয় জনতা যুব ম’ৰ্চাৰ উদ্যোগত এক শৌৰ্য-পূৰ্ণ বাইক ৰেলীৰ আয়োজন কৰা হয়। হাইলাকান্দি চহৰৰ উপকণ্ঠ বাউৰঘাটৰ পৰা আৰম্ভ হোৱা এই ৰেলী চহৰখনৰ বেলেগ বেলেগ ৰাস্তা পৰিভ্ৰমণ কৰি চহৰৰ মাজমজিয়াত থকা শ্বহীদ স্মাৰকত সমাপ্ত হয়।

এই ৰেলীত বিশেষ অতিথি হিচাপে উপস্থিত আছিল ভাৰতীয় জনতা যুব ম’ৰ্চাৰ ৰাজ্যিক সভাপতি ৰাকেশ দাস। তেওঁৰ সৈতে উপস্থিত আছিল জিলাখনৰ শীৰ্ষ বিজেপি নেতাসকল, যুৱ ম’ৰ্চাৰ সদস্য তথা বহু সংখ্যক দলীয় সমৰ্থক। বাইক ৰেলীৰ অন্তিম স্থানত, শ্বহীদ স্মাৰকত উপস্থিত নেতাসকলে কাৰ্গিল যুদ্ধত শহীদ হোৱা ভাৰতীয় সেনাৰ জোৱানসকলৰ প্ৰতিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande