কোকৰাঝাৰ, ২৬ জুলাই (হি.স.)। কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত ৰাভাপাৰা গাঁৱৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰই গৌৰাং নদীত গা ধুবলৈ নমাৰ পিছতে নিৰুদ্দেশ হোৱা ঘটনাই সমগ্ৰ এলেকাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ স্থানীয় সুত্ৰে জানিব পৰা অনুসৰি ফকিৰাগ্ৰামৰ ৰাভাৰাপাৰ বাসিন্দা বিপ্লৱ কুমাৰ সাহাৰ একমাত্ৰ পুত্ৰ শুভজিৎ সাহাই আজি নিজৰ জন্মদিন উপলক্ষে কেইগৰাকীমান লগৰীয়াৰ সৈতে পাৰাউৰা অঞ্চলৰ গৌৰাং নৈৰ পাৰত গৈ জন্ম দিন পালন কৰে৷
প্ৰাপ্ত বাতৰি অনুসৰি বন্ধু মহলৰ সৈতে চিপচ, ঠাণ্ডা পানীয় আদি গ্ৰহণ কৰাৰ পিছত ভৰদুপৰীয়া ১২ বজামানত গৌৰাং নৈত গা ধুবলৈ পাৰৰ পৰা জপিয়ায়৷ তাৰ পিছৰে পৰা খৰস্ৰোতা গৌৰাং নৈৰ বুকুত কিশোৰজন নিখোজ হৈ পৰে৷ সেই সময়ত লগৰ বন্ধু কেইজনে বিচাৰ-খোচাৰ কৰিও লগৰীয়া জনৰ কোনো সন্ধান নাপালে৷ এই বাতৰি বিয়পি পৰাৰ পিছতে পৰিয়াল তথা অঞ্চলটোৰ ৰাইজে নিৰুদ্দিষ্ট কিশোৰজনৰ সন্ধান কৰে যদিও কোনো সংশুত্ৰ নাপালে৷
এনেকি পিছৰ পৰ্যায়ত আৰক্ষীয়ে এছডিআৰএফৰ বাহিনীৰ সৈতে পাৰাউৰা এলেকাত গৌৰাং নৈৰ বুকুত নিখোজ কিশোৰ জনৰ সংশুত্ৰ বিচাৰি উদ্ধাৰ অভিযান চলায় যদিও সন্ধিয়া লৈকে কিশোৰ জনৰ সন্ধান লাভ নকৰাত পৰিয়ালৰ মাজত হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে৷ জানিব পৰা অনুসৰি নিৰুদ্দিষ্ট কিশোৰজন ফকিৰাগ্ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ