গাঁৱে গাঁৱে বিপিএফ ঘৰে ঘৰে বিপিএফক মূল মন্ত্ৰ হিচাপে লৈ মত বিনিময় আৰু সজাগতা সভা
খুটামাৰি নামাপাৰা গাৱত ৰাইজৰ বিভিন্ন সমস্যা লৈ মত বিনিময়:বিপিএফৰ কেন্দ্ৰীয় সম্পাদক ড:ৰেজাউল কৰিম।
গাঁৱে গাঁৱে বিপিএফ ঘৰে ঘৰে বিপিএফক মূল মন্ত্ৰ হিচাপে লৈ মত বিনিময় আৰু সজাগতা সভা


কোকৰাঝাৰ, ২৬ জুলাই (হি.স.): বিটিছি নিৰ্বাচনক লৈ তৎপৰতা বৃদ্ধি হৈছে ৰাজনৈতিক দল সমূহৰ । এই ক্ষেত্ৰত পিছপৰি ৰৈ থকা নাই হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলো । দিনে নিশাই চলাইছে মত বিনিময়ৰ লগতে সজাগতা সভা ।

ইয়াৰ মাজতে যোৱাকালি শুকুৰবাৰে নিশা খুটামাৰি নামাপাৰাত মত বিনিময়ৰ লগতে সজাগতা সভা অনুষ্ঠিত কৰে । উক্ত সজাগতা সভাত উপস্থিত থাকে বিপিএফৰ কেন্দ্ৰীয় সম্পাদক ড:ৰেজাউল কৰিম, যুব বিপিএফৰ কামালউদ্দিন সেখ আদিৰ লগতে বিপিএফ বিভিন্ন নেতা সকল । আগন্তুক দিনত বিপিএফৰ সৰকাৰ আহিলে প্ৰথমে মাটিৰ সমস্যা সমাধান কৰিব বুলি মন্তব্য কৰে বিপিএফৰ কেন্দ্ৰীয় সম্পাদক ড:ৰেজাউল কৰিমে। আনহাতে ইউ পি পি এলৰ চৰকাৰ গোপন এজেণ্ডা অনুসৰি বিটিচিত উচ্ছেদ অভিযান চলাব বুলিও ব্য়ক্ত কৰে বিপিএফৰ কেন্দ্ৰীয় সম্পাদক ড:ৰেজাউল কৰিমে। ইফালে বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেৰ বিৰুদ্ধে বিভিন্ন মন্তব্য কৰি কয় অৰূপ কুমাৰ দে ৭ নং ফকিৰাগ্ৰাম অজনজাতি সমষ্টিত একো কাম কৰা নাই ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande