ধুবুৰী, ২৬ জুলাই (হি.স.): অতি শীঘ্ৰে সন্তোষপুৰ চৰুৱাবাখৰা আৰু চিৰাকুটাৰ উচ্ছেদিত পৰিয়ালক পুনঃ সংস্থাপনৰ ব্যৱস্থা নকৰিলে চৰকাৰৰ বিৰুদ্ধে এলানি ভয়ংকৰ আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ ঘোষণা কৰিছে আমছু'ৰ সভাপতি ৰেজাউল কৰিমে। চাপৰত যোৱাকালি শুকুৰবাৰে বিয়লি আমছু'ৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে এই গৰ্জন দিয়ে। ইফালে ১১ আগষ্ট বিলাসীপাৰাত প্ৰায় ১ লাখ লোকৰ সমাবেশেৰে গণ বিক্ষোভ কাৰ্যসূচীৰ ঘোষণা কৰে সভাপতি গৰাকীয়ে।
উলিয়াম ঘাট আদি বিভিন্ন অঞ্চলৰ উচ্ছেদিত লোক সকলক একাংশ সংগঠনে কৰা হাৰাশাস্তিক তীব্ৰ গৰিহণা দিয়ে আমছু'ৰ সভাপতি গৰাকীয়ে। ইফালে পাইকানৰ উচ্ছেদ সম্পৰ্কে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ টংকেশ্বৰ ৰাভায়ে দখল কৰা মাটি কেতিয়া উচ্ছেদ কৰিব বুলি চৰকাৰৰ ওচৰত প্ৰশ্ন আমছু'ৰ সভাপতি গৰাকীৰ। লগতে মন্ত্ৰী অশোক সিংহালকো তীব্ৰ সমালোচনা কৰা দেখা যায় আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰে।
উল্লেখযোগ্য যে চাপৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত উচ্ছেদিত পৰিয়ালক পুনঃ সংস্থাপনৰ দাবীত দহ দিন ধৰি চলি থকা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অনিৰ্দিষ্ট কাল ধৰ্মঘটত উপস্থিত হয় আমছুৰ কেন্দ্ৰীয় সভাপতি গৰাকী।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ