কামৰূপ, ২৬ জুলাই (হি.স.)। আঞ্চলিক দলৰ নামত কংগ্ৰেছৰ ঔৰষত জন্ম লাভ কৰা দল কিছুমান আছে ৰাজ্যত,আজি এইদৰে ৰঙিয়াত মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই। নিজ দলৰেই কৰ্মীৰ হাতত অপদস্থ হোৱা অগপৰ কেন্দ্ৰীয় নেতা অৰ্ণৱ ভৰালীৰ ঘৰত উপস্থিত মন্ত্ৰী গৰাকী। অৰ্ণৱ ভৰালীৰ বাসগৃহত উপস্থিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই।
সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত তেও উল্লেখ কৰে , অগপৰ বাহিৰে ৰাজ্যত আন কোনো আঞ্চলিক দলৰ অস্তিত্ব নাই।'সত্যব্ৰত কলিতাৰ অসন্তুষ্টি সন্দৰ্ভত দলীয় মঞ্চত হে আলোচনা কৰিব বুলি কয় অতুল বৰাই, ৰাজহুৱা ভাবে এই ধৰণৰ মন্তব্যৰ পৰা বিৰত থাকে অতুল বৰা।বিজেপিৰ পৰা অগপক আঁতৰাই নিবৰ বাবে একাংশই এইধৰণৰ মন্তব্য কৰা বুলি মত প্ৰকাশ মন্ত্ৰী বৰাৰ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ