গুৱাহাটী, ২৫ জুলাই (হি.স.)। কাৰিকৰী শিক্ষা বিভাগৰ উদ্যোগত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্যৰ অভিযান্ত্ৰিক মহাবিদ্যালয় সমুহত নৱনিযুক্ত সহকাৰী অধ্যাপকসকলৰ প্ৰৱেশন প্ৰশিক্ষণ (induction training) আজিৰ পৰা দুদিনীয়াকৈ অনুস্থিত কৰা হয়। এই উপলক্ষে উক্ত প্ৰশিক্ষণ কাৰ্য্যসূচীৰ আৰম্ভণি অনুষ্ঠানত অসম চৰকাৰৰ শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকি সহকাৰী অধ্যাপকসকলৰ উদ্দেশ্যি তেওঁ ভাষণ প্ৰসঙ্গত উল্লেখ কৰে যে বৰ্তমান মানৱ সভ্যতা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ন ন আবিস্কাৰ আৰু প্ৰয়োগেৰে উদ্ভাসিত। আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোডীয়ে গ্ৰহণ কৰা বিকশিত ভাৰত কাৰ্য্যসূচীৰ অধীনত ভাৰতবৰ্ষ বিশ্বগুৰু হোৱাৰ দিশে ধাৱমান হৈছে। এনে এক সন্ধিক্ষণত আমাৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষাগুৰুৰ কান্ধত এক গধুৰ দায়িত্ব ন্যস্ত হৈ আছে।
তেওঁ লগতে কয় যে আমি আমাৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক কেৱল ডিগ্ৰী দিয়াৰ মনোভাৱেৰে অগ্ৰসৰ হলেই নহ’ৱ তাৰ পৰিবৰ্তে প্ৰতিগৰাকী শিক্ষাৰ্থিক নৱ কৌশলৰ প্ৰয়োগ তথা কাৰ্য্যকাৰিতাৰ পদ্ধতিৰে তেওঁলোকক পৰিপূৰক কৰি তুলিব লাগিব। যিয়ে আহিথকা দিনসমূহত আমাৰ শিক্ষাৰ্থিসকলক বিশ্বৰ আগশাৰীৰ অনুষ্ঠান-প্ৰতিষ্ঠানসমূহত নিয়োগ সম্ভৱা কৰি তুলিব। তেওঁ প্ৰতিখন অভিযান্ত্ৰিক মহাবিদ্যালয়ক ইনোভেচন, ইনকিউবেচন,ষ্টাৰ্টআপ ৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়। তেওঁ লগতে আৰু কয় যে প্ৰতিজন শিক্ষাগুৰু নতুন শিক্ষানীতিৰ আধাৰ মৰ্মে পূৰ্বে প্ৰচলিত ডিপাৰ্টমেন্টেলিজিমৰ গণ্ডিৰ পৰা ওলাই আহি বহুমূখী শিক্ষা প্ৰদানৰ আৰ্হি গ্ৰহণ কৰিব লাগিব। মন্ত্ৰীগৰাকীয়ে আৰু কয় যে মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দৃঢ় পদক্ষেপৰ জৰিয়তে শিক্ষা বিভাগে ৰাজ্যখনৰ কাৰিকৰী শিক্ষানুষ্ঠানসমূহত প্ৰায় সকলো পদতে নিযুক্তি দিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে বৰ্তমান ৰাজ্য চৰকাৰখনে অসমক নিৰ্ভৰশীল ৰাজ্য হিচাপে নহয় ভাৰতবৰ্ষৰ অৱদানমুখি এখন ৰাজ্য হিচাপে গঢ়ি তোলাৰ প্ৰয়াসৰ কথা মন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে উল্লেখ কৰে। যাৰ উদাহৰণ স্বৰূপে ৰাজ্য চৰকাৰে আয়োজন কৰা এডভান্টেজ আছাম ২.০ ই বিশ্বৰ আগশাৰীৰ প্ৰতিস্থানসমূহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
যিয়ে অনাগত দিনসমূহত আমাৰ যুৱক-যুৱতীসকলক কৰ্ম সংস্থাপন দিয়াত এক উল্লেখযোগ্য অৱদান আগবঢ়াব। মনকৰিবলগীয়া যে ২০২১ চনৰ মে’ মাহৰ পৰা কাৰিকৰী শিক্ষা বিভাগৰ অধীনত অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহত মুঠ ২৩৯ জন সহকাৰী অধ্যাপক (কাৰিকৰী আৰু অকাৰিকৰী) আৰু পলিটেকনিকত ৩৭১ জন সহকাৰী অধ্যাপক (কাৰিকৰী আৰু অকাৰিকৰী) নিযুক্তি দিয়া হৈছে— যিটো সমগ্ৰ ৰাজ্যতে উচ্চ আৰু কাৰিকৰী শিক্ষা বৃদ্ধিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি বিবেচনা কৰা হৈছে। আজিৰ এই অনুষ্ঠানত উচ্চ শিক্ষা বিভাগৰ উপদেষ্টা দেৱব্ৰত দাস, অতিৰিক্ত সচিব উচ্চ শিক্ষা বিভাগ অশ্ৰুমনি মালাকৰ, কাৰিকৰি শিক্ষাৰ সঞ্চালক ধ্ৰুৱজ্যোতি বৰা আৰু ১১০ গৰাকী নৱ নিযুক্ত সহকাৰী অধ্যাপক/অধ্যাপিকাসকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী