অসমৰ খিলঞ্জীয়াৰ বাবে নহয় আদানি-আম্বানীক ভুমি প্ৰদানৰ বাবে চলিছে উচ্ছেদঃঅখিল গগৈ
ধুবুৰী, ২৬ জুলাই (হি.স.)। চাপৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত উচ্ছেদিত পৰিয়ালক পুনঃ সংস্থাপনৰ দাবীত এঘাৰ দিন ধৰি চলি থকা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অনিৰ্দিষ্ট কালৰ ধৰ্মঘটত আজি উপস্থিত হয় ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ। ৰাইজৰ আগত অখিল গগৈয়ে উল্লেখ কৰে - অসমৰ সৰ্ববৃহৎ উচ্ছেদ হোৱাৰ পিছত তেও মুখ্যমন্ত্ৰীক লগ কৰি ভুমিহীন লোকক ভুমি প্ৰদানৰ বাবে আলোচনা কৰিছিল। অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰকৃত ভুমি নথকা মানুহ খিনিক ভুমি প্ৰদান কৰাৰ কথাও উল্লেখ কৰিছিল বুলি জানিবলৈ দিয়ে।
কিন্তু তাৰ এখন বিপৰীত প্ৰতিচ্ছবি প্ৰতিফলিত হৈছে উচ্ছেদিত ৰাইজৰ প্ৰতি। গড়াখহনীয়াত বিধ্বস্ত হৈ সকলো হেৰুৱা ৰাইজৰ আজি উচ্ছেদ হোৱাৰ পিছত ৰাজপথত তিৰপাল টানি আছে যদিও ধুবুৰী জিলা প্ৰশাসনে তিৰপাল বোৰ চিঙি দিয়াৰ লগতে ৰন্ধা বৰা সামগ্ৰী বোৰ ভাঙি দিছে। আজি সংখ্যালঘূ মুছলমানৰ ওপৰত মানৰ অত্যাচাৰ চলিছে। এই অত্যাচাৰ বন্ধ কৰাৰ দাবী জনায় বিধায়ক গৰাকী। লগতে ৰাইজৰ দলৰ সভাপতি গৰাকী উল্লেখ কৰে অসমৰ খিলঞ্জীয়া ৰাইজক ভুমি প্ৰদানৰ বাবে উচ্ছেদ চলোৱা নাই। কেৱল আদানী আৰু আম্বানীক ভুমি দিয়াৰ বাবে উচ্ছেদ চলিছে বুলি অভিযোগ কৰে।
বিধায়ক গৰাকী লগতে উল্লেখ কৰে অহা ৩০ জুলাইলৈ অসমৰ মুখ্য সচিব ক উচ্ছেদিত ৰাইজৰ হৈ সাক্ষাৎ কৰিব আৰু চাৰি আগষ্টত এখন গণ সমাবেশত অংশগ্ৰহণ কৰাৰ লগতে ধুবুৰী জিলা আয়ুক্তৰ লগত সাক্ষাৎ কৰিব বুলি জানিবলৈ দিয়ে। ইপিনে চাপৰ ৰাজহ চক্ৰৰ সন্মুখত চলি থকা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অনিৰ্দিষ্ট কাললৈ অৱস্হান ধৰ্মঘট আজিৰ পৰা বন্ধ কৰিবলৈ আহ্বান জনায়। ইপিনে অখিল গগৈৰ নিৰ্দেশ মানি লৈ আজিৰ পৰা আন্দোলন স্থগিত ৰাখিব বুলি ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি গৰাকীয়ে জানিবলৈ দিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ