(আপডেট) ৰাজ্যপালে শুভাৰম্ভ কৰিলে সীমান্ত চেতনা মঞ্চ উত্তৰ-পূবৰ বাৰ্ষিক অধিৱেশন
গুৱাহাটী, ২৬ জুলাই (হি.স.)। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শনিবাৰে গুৱাহাটীৰ কাহিকুছিত ৰাজ্যিক পঞ্চায়তী ৰাজ আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান (এছআইপিআৰডি)ত সীমান্ত চেতনা মঞ্চ উত্তৰ-পূব (অসম ৰাজ্যিক ইউনিট)ৰ দুদিনীয়া বাৰ্ষিক অধিৱেশন উদ্বোধন কৰে । অধ
ৰাজ্যপালে শুভাৰম্ভ কৰিলে সীমান্ত চেতনা মঞ্চ উত্তৰ-পূবৰ বাৰ্ষিক অধিৱেশন


গুৱাহাটী, ২৬ জুলাই (হি.স.)। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শনিবাৰে গুৱাহাটীৰ কাহিকুছিত ৰাজ্যিক পঞ্চায়তী ৰাজ আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান (এছআইপিআৰডি)ত সীমান্ত চেতনা মঞ্চ উত্তৰ-পূব (অসম ৰাজ্যিক ইউনিট)ৰ দুদিনীয়া বাৰ্ষিক অধিৱেশন উদ্বোধন কৰে ।

অধিৱেশনত ভাষণ দি ৰাজ্যপালগৰাকীয়ে ৰাষ্ট্ৰীয় ঐক্য শক্তিশালী কৰা, জনসচেতনতা বিয়পোৱা আৰু সীমান্তৱৰ্তী অঞ্চলসমূহৰ জনগোষ্ঠীসমূহক সবলীকৰণৰ বাবে সংস্থাটোৱে কৰা প্ৰচেষ্টাৰ শলাগ লয়। তেওঁ কয়, এই অধিৱেশন আমাৰ সামাজিক চেতনা, ঐক্য আৰু মাতৃভূমিৰ প্ৰতি প্ৰেমৰ প্ৰতীক আৰু উদযাপন। সীমান্ত চেতনা মঞ্চৰ সেৱামূলক কাম দেশপ্ৰেমৰ এক জীয়া উদাহৰণ, যিটো কেৱল শ্লোগানত সীমাবদ্ধ নহয় বৰঞ্চ কৰ্তব্য, দায়িত্ব আৰু নিষ্ঠাৰ সৈতে জড়িত।

ৰাজ্যপালগৰাকীয়ে মঞ্চৰ এই প্ৰচেষ্টাক শ্ৰীমন্ত শংকৰদেৱে সমৃদ্ধ কৰা জাতীয় চেতনাক পুনৰুজ্জীৱিত কৰা বুলি অভিহিত কৰে। শ্ৰীমন্ত শংকৰদেৱ আৰু বীৰ লাচিত বৰফুকনৰ আদৰ্শক আত্মসাৎ কৰি এখন প্ৰগতিশীল ভাৰত গঢ়াৰ প্ৰতিশ্ৰুতি দিবলৈ সকলোকে আহ্বান জনায়।

ডিজিটেল যুগত স্থল বাস্তৱতাৰ সৈতে সংযুক্ত হৈ থকাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আচাৰ্যই কয়, আমাৰ সীমান্তৱৰ্তী গাঁওসমূহৰ সজাগ নাগৰিকসকল দেশৰ প্ৰতিৰক্ষাৰ প্ৰথম লাইন। আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোৱাৰ দৰে - সীমান্তৱৰ্তী গাঁওসমূহ আমাৰ জাতিৰ শেষ নহয় বৰঞ্চ প্ৰথম গাঁও।

শৈক্ষিক কাৰ্যকলাপ, যুৱক-যুৱতীৰ অংশগ্ৰহণ আৰু সম্প্ৰদায়ৰ সক্ৰিয়তাৰ জৰিয়তে জাতীয় সেৱাৰ পবিত্ৰ কৰ্তব্য পালন কৰাৰ বাবে মঞ্চক প্ৰশংসা কৰে।

এই অনুষ্ঠানত নেডফিৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক পিভিএছএলএন মূৰ্তি, সীমা জাগৰণ মঞ্চৰ ৰাষ্ট্ৰীয় আহ্বায়ক ৰাম কুমাৰ, সীমান্ত চেতনা মঞ্চৰ উত্তৰ-পূৰ্বাঞ্চলৰ কৰ্মী ড° প্ৰতিমা নিয়োগী, বাবলু কুমাৰ ৰায়, ড° বিনীতা ভাগৱতীকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande