কোকৰাঝাৰ, ২৬ জুলাই (হি.স.)। পৰ্বতঝোৰাত আদানি গ্ৰুপক ভূমি প্ৰদানৰ বিৰোধীতাৰে আজি আকৌ ৰাইজৰ উত্তাল প্ৰতিবাদ। শেহতীয়াকৈ পৰ্বতঝোৰাত আদানী গ্ৰুপক তাপ বিদ্যুৎ প্ৰকল্পৰ ভূমি প্ৰদানৰ বিৰোধীতাৰে পৰ্বতঝোৰাৰ বিভিন্ন ঠাইত ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল ভূমি পুত্ৰ বড়ো জনগোষ্টীয় লোক সকলোৱে। পৰ্বতঝোৰা পানীজানি অঞ্চলৰ কেইবাখনো গাঁওৰ ৰাইজে নিজৰ ঘৰ বাৰী, খেতি পথাৰ হেৰুৱাৰ সংকাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
উল্লেখ যে একাংশ ব্যক্তিয়ে ৰাইজক অন্ধকাৰত ৰাখি আদানি গ্ৰুপক ভূমি দিয়াৰ বাবে ইতিমধ্যে কুচকাৱাজ চলোৱাৰ অভিযোগ উত্থাপন কৰি কেইবাখনো গাঁওৰ ৰাইজে পানিজানি অঞ্চলত একত্ৰিত হৈ আদানি কোম্পানী গো-বেগ, দালাল সকল হুচিয়াৰ, মাটিক লৈ দালালি নচলিব আদি বিভিন্ন শ্লোগানৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী সকলোৰ মতে প্ৰাক্তন বি এল টি কল্যাণ সমিতিৰ যিমান খিনি মাটি আছে চৰকাৰে লৈ লওঁক তাত আমাৰ আপত্তি নাই কিন্তু আমাৰ মাটি এক ইঞ্চিয়ো দিয়া নহব বুলি সকীয়নী প্ৰদান কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ