কাৰ্বি আংলঙ, ২৬ জুলাই (হি.স.)। আজি দুপৰীয়া ৩ বজাৰ পৰা কাৰ্বি ৰিছ’ আদৰবাৰ (KRA) কেন্দ্ৰীয় সমিতিৰ কাৰ্যালয়, ডিফুত এখন যুটীয়া সংবাদ মেল অনুষ্ঠিত হয়। এই সংবাদ মেলখন কাৰ্বি আংলঙ আৰু ডিমা হাছাৱ জিলাৰ বিভিন্ন উল্লেখযোগ্য সামাজিক-ছাত্ৰ সংগঠন — কাৰ্বি ছাত্ৰ সন্থা, ডিমাচা ছাত্ৰ সন্থা, কেআৰএ, কাৰ্বি যুৱ সমাজ, কাৰ্বি আদৰবাৰ আৰু তিৱা আদৰবাৰৰ উদ্যোগত আয়োজন কৰা হয়।সংবাদ মেলৰ মুখ্য উদ্দেশ্য আছিল ভাৰতীয় সংবিধানৰ ধাৰা ২৪৪(ক) অনুসৰি অঞ্চলটোলৈ স্বায়ত্ত শাসিত ৰাজ্যৰ দাবীক পুনৰ দৃঢ়তাৰ সৈতে উত্থাপন কৰা।কাৰ্বি ৰিছ’ আদৰবাৰ (KRA) কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ডেভিড ৰংপিয়ে সংবাদমেলত কৈছিল যে, “স্বায়ত্ত শাসিত ৰাজ্যৰ দাবী নতুন নহয়; এইটো আমাৰ সংবিধানিক অধিকাৰ। কেন্দ্ৰীয় চৰকাৰে এই দাবীক গুৰুত্ব সহকাৰে বিবেচনা কৰি অতি সোনকালে ব্যৱস্থা লোৱা উচিত।”সাংবাদিক সম্মিলনত বিভিন্ন ছাত্ৰ, যুৱ আৰু পৰম্পৰাগত সংগঠনৰ নেতাসকলে অংশ লৈ অঞ্চলবাসীৰ একতাৰ প্ৰমাণ দিয়ে।
চৰকাৰে যদি দাবী মানি নলয়, তেন্তে আগন্তুক দিনত গণতান্ত্ৰিক পন্থাৰে বৃহৎ আন্দোলন চলোৱাৰো সংকেত দিয়ে। সংবাদ মেলখনত অঞ্চলবাসীৰ একতা আৰু সাংবিধানিক অধিকাৰৰ দাবীৰ প্ৰতি দৃঢ় অঙ্গীকাৰৰে সমাপ্ত হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ