কচুৱাৰ এগৰাকী অসুস্থ লোকৰ কৰুণ কাহিনী
নগাঁও, ২৫ জুলাই (হি.স.)। নগাঁও জিলাৰ কচুৱাৰ মাধৱপাৰা পাহাৰতলী গাঁৱৰ এগৰাকী লোকৰ কৰুণ কাহিনী শুনিলে আপোনাৰো চকুলো টুকি উঠিব। লোকজনৰ নাম আশ্বিকুল ইছলাম। প্ৰায় এবছৰ ধৰি বিচনাত চটফটাই দিনৰ পিছত দিন পাৰ কৰিব লগীয়া হৈছে। জানিব পৰা মতে লোকজনে ঘৰ নিৰ্মাণ
কচুৱাৰ এগৰাকী অসুস্থ লোকৰ কৰুণ কাহিনী


নগাঁও, ২৫ জুলাই (হি.স.)। নগাঁও জিলাৰ কচুৱাৰ মাধৱপাৰা পাহাৰতলী গাঁৱৰ এগৰাকী লোকৰ কৰুণ কাহিনী শুনিলে আপোনাৰো চকুলো টুকি উঠিব। লোকজনৰ নাম আশ্বিকুল ইছলাম। প্ৰায় এবছৰ ধৰি বিচনাত চটফটাই দিনৰ পিছত দিন পাৰ কৰিব লগীয়া হৈছে। জানিব পৰা মতে লোকজনে ঘৰ নিৰ্মাণ কৰি থকা অৱস্থাত চাদৰ ওপৰৰ পৰা পৰি ককাল আৰু পিঠিত হাড় ভঙাত গুৰুতৰ ভাৱে আহত হোৱাত নিজৰ ভূমি সম্পত্তি বিক্ৰি কৰি নগাঁৱৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰিছে যদিও সুস্থ হৈ নুঠাত উন্নত চিকিৎসাৰ পৰামৰ্শ দিয়ে চিকিৎসকে।

বৰ্তমান চিকিৎসাৰ কথা বাদেই এসাজ খাই এসাঁজ লঘোনে থাকিব লগীয়া হৈছে পৰিয়ালটো। যাৰ বাবে লোকজনে কেমেৰাৰ আগত চকুলো টুকি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসকে ধৰি বিভিন্ন দল সংগঠন আৰু ৰাইজক সহায়ৰ আহ্বান জনাইছে নিৰুপায় ব্যক্তিজনে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande