হোজাই, ২৬ জুলাই (হি.স.)। হোজাই জিলাৰ লংকাত শুকুৰবাৰে নিশা যুৱতী অপহৰণৰ চেষ্টা চলোৱাৰ ঘটনা সংঘটিত হৈছে । নিশা ৬ নং ৱাৰ্ডৰ ৰাজমন্দিৰৰ সমীপত এই ঘটনা ঘটে ।
দোকানৰ কাম সামৰি ঘৰলৈ গৈ থকা অৱস্থাত লংকা ৫ নং ৱাৰ্ডৰ সঞ্জয় দে নামৰ যুৱক জনে যুৱতী গৰাকীক অশ্লীল ইংগীত দি বাইকত উঠাই লৈ যোৱাৰ চেষ্টা চলায়। যুৱতী গৰাকীয়ে চিঞৰ বাখৰ কৰাত যুৱতী গৰাকীক মাৰপিট কৰি পলায়ণ কৰে সঞ্জয় দে নামৰ যুৱক জন।
ড্ৰাগছৰ সেৱন কৰাৰ ফলতেই এনে ঘটনা সংঘটিত হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে । ঘটনাৰ সম্পৰ্কত লংকা আৰক্ষী থানাত গোচৰ ৰুজু কৰে ভুক্তভোগী যুৱতীগৰাকীয়ে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা