মাজুলীৰ পথাৰত চিৰাল ফাট–কৃষকৰ কাষত জিলা আয়ুক্ত আৰু বিধায়ক ভূৱন গাম
মাজুলী, ২৬ জুলাই (হি.স.)। সম্প্ৰতি পানীৰ অভাৱত পথাৰত ছিঁৰাল ফাট দিছে। শালি খেতিৰ বাবে পানীৰ অভাৱত কৃষক ৰাইজে হাহাকাৰ কৰিছে। মাজুলীতো একে দৃশ্য় পৰিলক্ষিত হৈছে। ইফালে খেতিয়কসকলৰ এই দুৰ্যোগৰ সময়ত কৃষকৰ কাষত উপস্থিত হৈছে জিলা আয়ুক্ত আৰু বিধায়ক ভূৱন গাম
মাজুলীৰ পথাৰত চিৰাল ফাট–কৃষকৰ কাষত জিলা আয়ুক্ত আৰু বিধায়ক ভূৱন গাম


মাজুলী, ২৬ জুলাই (হি.স.)। সম্প্ৰতি পানীৰ অভাৱত পথাৰত ছিঁৰাল ফাট দিছে। শালি খেতিৰ বাবে পানীৰ অভাৱত কৃষক ৰাইজে হাহাকাৰ কৰিছে। মাজুলীতো একে দৃশ্য় পৰিলক্ষিত হৈছে। ইফালে খেতিয়কসকলৰ এই দুৰ্যোগৰ সময়ত কৃষকৰ কাষত উপস্থিত হৈছে জিলা আয়ুক্ত আৰু বিধায়ক ভূৱন গাম।

মাজুলীৰ পথাৰে পথাৰে কৃষকৰ সমস্যা বুজ লৈছে জিলা আয়ুক্ত ৰাতুল পাঠক আৰু বিধায়ক ভূৱন গামে। জলসিঞ্চন বিভাগৰ গুৰুত্বহীনতাৰ বিপৰীতে কৃষি বিভাগৰ বিষয়াৰ সহযোগত কৃষকক সহায়ৰ চেষ্টা চলাইছে । যি সময়ত ৱাটাৰ পাম্প আৰু তেল যোগান ধৰি জিলা প্ৰশাসন আৰু কৃষি বিভাগে কৃষকক সকাহ দিয়াৰ চেষ্টা কৰিছে তেনে সময়ত মাজুলী ৫০ জনৰো অধিক কৰ্মচাৰী অভিযন্ত্ৰা থকা বিয়াগোম জলসিঞ্চন বিভাগ শুই আছে। মাজুলী ৯৫ খন চ'লাৰ পাম্প আঁচনি আছে যদিও প্ৰায় সমূহ বিকল। এতিয়া ৫০ জন কৰ্মচাৰী কাৰ্যালয়তে ব্যস্ত হৈ আছে । ইয়াৰ বিপৰীতে জিলা প্ৰশাসন আৰু কৃষি বিভাগে ঠায়ে ঠায়ে ৱাটাৰ পাম্প আৰু তেল যোগান ধৰিছে কৃষকক।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande