সাপটগ্ৰামৰ শালটাৰীত সংঘটিত চুৰিকাঘাটত আহত এজন
ধুবুৰী, ২৫ জুলাই (হি.স.)। সাপটগ্ৰামৰ শালটাৰীত কালি নিশা সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । এহাল দম্পতীৰ কাজিয়া ৰোধ কৰিবলৈ যোৱা বৃদ্ধ এজনক চুৰিকাঘাত । চোকা ছুৰিৰে পেটত আক্ৰমণ কৰা বুল্লু শ্বেখ নামৰ বৃদ্ধ জনক মুমূৰ্ষু অৱস্থাত সাপটগ্ৰামৰ সহযোগী স্বাস্থ্য কেন্দ
সাপটগ্ৰামৰ শালটাৰীত সংঘটিত চুৰিকাঘাটত আহত এজন


ধুবুৰী, ২৫ জুলাই (হি.স.)। সাপটগ্ৰামৰ শালটাৰীত কালি নিশা সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । এহাল দম্পতীৰ কাজিয়া ৰোধ কৰিবলৈ যোৱা বৃদ্ধ এজনক চুৰিকাঘাত । চোকা ছুৰিৰে পেটত আক্ৰমণ কৰা বুল্লু শ্বেখ নামৰ বৃদ্ধ জনক মুমূৰ্ষু অৱস্থাত সাপটগ্ৰামৰ সহযোগী স্বাস্থ্য কেন্দ্ৰত ভৰ্তি ।এই ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত ।

উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ নওদা গাঁৱৰ কাছেম আলীয়ে ৯ বছৰ পূৰ্বে সাপটগ্ৰামৰ শালটাৰী গাঁৱৰ বেল্লাল আলীৰ জীয়ৰী চুলতানা পাৰভীনক বিয়া পাতিছিল । বৃহস্পতিবাৰে নিশা কাছেম আলীয়ে নিজ পত্নীক লৈ শালটাৰীস্থিত শহুৰেকৰ ঘৰত উপস্থিত হয় ।

তাতে দম্পতী হালৰ মাজত ঘৰুৱা কথাক কেন্দ্ৰ কাজিয়াৰ সূত্ৰপাত হয় । দম্পতী হালৰ মাজত কাজিয়া ভাঙিবলৈ চুবুৰীয়া বুল্লু শ্বেখ উপস্থিত হয় | তাৰ পিছতে কাছেম আলীয়ে নিজৰ হাতৰ চোকা ছুৰি এখনৰে বৃদ্ধ জনৰ পেটত সুমুৱাই দিয়ে | এই আক্ৰমনৰ ঘটনাত তেজেৰে তুমুৰালি বৃদ্ধ জনক মুমূৰ্ষু অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰে ।ইফালে উদণ্ড কাছেম আলীক ৰাইজে আটক কৰি উত্তম মাধ্যম সোধাই সাপটগ্ৰাম আৰক্ষীক গতাই দিয়ে । সম্প্ৰতি মৃত্যুৰ ক্ষণ গনি থকা বৃদ্ধ জন সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ।উদণ্ড কাছেম আলীক ৰাইজে কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলিছে প্ৰশাসন ওচৰত ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande