গুৱাহাটী, ২৫ জুলাই (হি.স.)। উত্তৰ-পূব সীমান্ত ৰেলৱেই শিলচৰ আৰু মহিষাশনৰ মাজত চলাচল কৰা দুযোৰ যাত্ৰীবাহী ৰেলৰ ফ্ৰীকুৱেন্সী বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ৰেলসমূহ হৈছে ৰেল নং ৫৫৬৬২/৫৫৬৬১ আৰু ৫৫৬৮৬/৫৫৬৮৫ (শিলচৰ – মহিষাশন - শিলচৰ) পেছেঞ্জাৰ ৰেল, যাৰ ফ্ৰীকুৱেন্সী বৰ্তমানৰ সপ্তাহত দুদিনৰ পৰা বৃদ্ধি কৰি সপ্তাহত ছয়দিন কৰা হৈছে।
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ দ্বাৰা এই যাত্ৰীবাহী ৰেল দুখনৰ ফ্ৰীকুৱেন্সী বৃদ্ধিৰ সিদ্ধান্তই এই অঞ্চল আৰু ইয়াৰ আশে পাশে থকা অঞ্চলৰ লোকসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ লাভালাভ প্ৰদান কৰিব। এই নিৰন্তৰ সেৱাই শিলচৰ আৰু মহিষাশনৰ মাজত দৈনিক অথবা প্ৰায়-দৈনিক উন্নততৰ ৰেলসেৱাৰ সুবিধা নিশ্চিত কৰি তুলিব, যি নিয়মীয়া যাত্ৰী, ব্যৱসায়ী, ছাত্ৰ-ছাত্ৰী আৰু কাৰ্যালয়লৈ যোৱা ৰেলযাত্ৰীসকলৰ বাবে বিশেষভাৱে লাভজনক হ’ব। এই বৰ্দ্ধিত ৰেল সেৱাই ক্ষুদ্ৰ ব্যৱসায়ী, কৃষিজাত সামগ্ৰী আৰু দৈনন্দিন সামগ্ৰীৰ পৰিবহনত সহায় কৰিব, যাৰ ফলত স্থানীয় অৰ্থনীতি আৰু বজাৰ আদিক অধিক কাৰ্যক্ষম কৰি তুলিব।
ৰেল নং ৫৫৬৬২/৫৫৬৬১ (শিলচৰ – মহিষাশন - শিলচৰ) পেছেঞ্জাৰ ৰেল, যি পূৰ্বে সপ্তাহত মাত্ৰ দুদিন চলিছিল, এতিয়া ২৮ জুলাই, ২০২৫ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ উভয় দিশত সংশ্লিষ্ট দিশসমূহৰ পৰা সপ্তাহত ছয়দিনকৈ (শুকুৰবাৰৰ বাহিৰে) চলাচল কৰিব।
একেদৰে, ৰেল নং ৫৫৬৮৬/৫৫৬৮৫ (শিলচৰ – মহিষাশন - শিলচৰ) পেছেঞ্জাৰ ৰেলখনৰ ফ্ৰীকুৱেন্সী যি সপ্তাহত কেৱল দুদিনকৈ চলাচল কৰিছিল এতিয়া ২৮ জুলাই, ২০২৫ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ উভয় দিশত সংশ্লিষ্ট দিশসমূহৰ পৰা সপ্তাহত ছয়দিনকৈ (দেওবাৰৰ বাহিৰে) চলাচল কৰিব।
উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই আজি এক প্ৰেছ বিবৃতিযোগে এই তথ্য সদৰী কৰে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী