কাঠমাণ্ডু, ২৫ জুলাই (হি.স.)। নেপাল কমিউনিষ্ট পাৰ্টিৰ সদস্যপদ বাতিলৰ সিদ্ধান্তক লৈ দলৰ সভাপতি তথা প্ৰধানমন্ত্ৰী কে পি শৰ্মা ‘অলি’ক আক্ৰমণ কৰে নেপালৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিদ্যা দেৱী ভাণ্ডাৰীয়ে। ভাণ্ডাৰীয়ে কয় যে দলৰ সদস্যপদ বাতিল কৰাৰ অধিকাৰ কাৰো নাই।
যোৱা মাহৰ জুন মাহত নেপাল কমিউনিষ্ট পাৰ্টিত পুনৰ যোগদান কৰি সক্ৰিয় ৰাজনীতিত ঘূৰি অহাৰ কথা ঘোষণা কৰা প্ৰাক্তন ৰাষ্ট্ৰপতি ভাণ্ডাৰীয়ে শুকুৰবাৰে সংবাদমেলত দলটোৰ প্ৰতি অদম্য দায়বদ্ধতা প্ৰকাশ কৰে। ভাণ্ডাৰীয়ে কয় যে তেওঁ ৪৫ বছৰ ধৰি দলৰ সদস্য হৈ আছে। তেওঁৰ সদস্যপদ বাতিল কৰাৰ কোনো বৈধ কাৰণ নাই। তেওঁ কয়, মই আৱেগিকভাৱে কথা কোৱা নাই। সমগ্ৰ দেশৰ দলীয় কৰ্মীসকলক মই আহ্বান জনাইছো যে মদন ভাণ্ডাৰীয়ে কল্পনা কৰা ধৰণে দলৰ মিছন আগবঢ়াই নিব লাগে।
সদস্যপদ বাতিলত দুখী ভাণ্ডাৰীয়ে কয়, মই নিশ্চিতভাৱে দুখী কিন্তু মই নতশিৰ হোৱা নাই। এই দলটো হাজাৰ হাজাৰ সদস্যৰ তেজ-ঘামেৰে গঢ় লৈ উঠিছে। ইয়াত কোনো বিশেষ ব্যক্তিৰ শাসনে কাম নকৰে। ৰাজনৈতিক স্বাধীনতাৰ অধিকাৰ সীমিত কৰা সিদ্ধান্তক লৈ হতাশা প্ৰকাশ কৰি এনে পদক্ষেপে দলটোক দুৰ্বল কৰি তুলিব বুলি সকীয়াই দিয়ে।
মন কৰিবলগীয়া যে ২০১৫ চনৰ পৰা ২০২৩ চনলৈ দুবাৰকৈ নেপালৰ ৰাষ্ট্ৰপতি আছিল ভাণ্ডাৰী। ২০১৫ চনত ৰাষ্ট্ৰপতি হোৱাৰ পিছত তেওঁ দলৰ সদস্যপদ ত্যাগ কৰে, কিয়নো এই পদটো মূলতঃ প্ৰতীকী আৰু অৰাজনৈতিক। ৰাষ্ট্ৰপতি হোৱাৰ পূৰ্বে নেপাল কমিউনিষ্ট পাৰ্টিৰ জ্যেষ্ঠ নেত্ৰী আছিল। দলটোৰ উপ-সভানেত্ৰী আছিল তেওঁ। ২০০৯ চনত মাধৱ কুমাৰ নেপালৰ প্ৰধানমন্ত্ৰী পদৰ সময়তো তেওঁ প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।
---------------
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া