-ডিব্ৰুগড়ত আন্তগাঁথনি উন্নয়নৰ উদ্দেশ্য হৈছে ৰাজ্য প্ৰশাসনক উজনি অসমৰ ৰাইজৰ অধিক কাষলৈ লৈ যোৱা-মুখ্যমন্ত্ৰী
গুৱাহাটী, ২৫ জুলাই (হি.স.)। ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাক উজনি অসমৰ ৰাইজৰ অধিক কাষলৈ লৈ যোৱাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিাচাপে আৰু প্ৰশাসনিক আন্তগাথনিৰ পৰিবৰ্ধনৰ লক্ষৰে মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ত মন্ত্ৰীসকলৰ কাৰ্যালয়ৰ লগতে মুখ্য সচিব আৰু অতিৰিক্ত মুখ্য সচিবৰ কাৰ্যালয় আৰু এটা সন্মিলন কেন্দ্ৰৰ শিলান্যাস কৰে। ডিব্ৰুগড়ৰ মাইজানৰ পল্টন বজাৰস্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ কাষতে ৬৫ কোটি টকা ব্যয়েৰে এই প্ৰকল্পটো নিৰ্মাণ কৰা হব।
শিলান্যাসৰ পিছতে মুখ্যমন্ত্ৰী ড. শৰ্মাই কয় যে ডিব্ৰুগড়ক অসমৰ দ্বিতীয়খন ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে লোৱা প্ৰয়াসৰ অংশ হিচাপে প্ৰশাসনিক আন্তগাথনি নিৰ্মাণৰ এই পদক্ষেপ লোৱা হৈছে। আজি শিলান্যাস কৰা প্ৰকল্পটোত মন্ত্ৰীসকলৰ বাবে ২০ টা কাৰ্যালয়ৰ লগতে থকা খোৱাৰ সুবিধা সম্বলিত ১০ টা কোঠা, ৩৫০ খন আসনযুক্ত এটা সন্মিলন কেন্দ্ৰ আৰু ১২০ খন আসনযুক্ত এটা সক্ষাকক্ষ নিৰ্মাণ কৰা হব বুলি তওঁ কয়।
ইয়াৰোপৰি মুখ্য সচিব আৰু অতিৰিক্ত মুখ্য সচিবসকলৰ কাৰ্যালয় থাকিবলগীয়া দুমহলীয়া ভৱনটোত বিষয়াসকলৰ কাৰ্যালয় কক্ষ, এটা কৰ্মচাৰীৰ কাৰ্যালয় কক্ষ, এটা সভাকক্ষ, গাড়ী পাৰ্কিঙৰ সুবিধা আৰু অন্য প্ৰয়োজনীয় সা সুবিধাবোৰ থাকিব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে। তেওঁ কয় যে উজনি অসমত নাগৰিককেন্দ্ৰিক উন্নয়ন দ্ৰুততৰ কৰিবলৈ আৰু ৰাজ্য প্ৰশাসনক অঞ্চলটোৰ ৰাইজৰ অধিক ওচৰলৈ লৈ যোৱাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। উদ্যোগ আৰু বাণিজ্য আদি বিভাগৰ মন্ত্ৰী বিমল বড়া, চিকিতসা শিক্ষা আৰু গৱেষণা আদি বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন, পৰিবহণ আদি বিভাগৰ মন্ত্ৰী যোগেন মহন, কেবাগৰাকী বিধায়ক, অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰী আৰু আন বিশিষ্ট ব্যক্তিসকল শিলান্যাস অনুষ্ঠানত উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী