৩১ জুলাই তাৰিখে বিটিচি বিধানসভাৰ অধিবেশন আহ্বান
কোকৰাঝাৰ, ২৫ জুলাই (হি.স.)। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্য্যই বিটিচি বিধানসভাৰ পৰৱৰ্তী অধিবেশন আহ্বান কৰিছে। ৰাজভৱনৰ পৰা জাৰি কৰা চৰকাৰী জাননী অনুসৰি বিটিচি বিধানসভাৰ এই অধিবেশন ৩১ জুলাই, ২০২৫ তাৰিখে পুৱা ১০ বজাৰ পৰা আৰম্ভ হ’ব। এই অধিবেশন বিটিচ
৩১ জুলাই তাৰিখে বিটিচি বিধানসভাৰ অধিবেশন আহ্বান


কোকৰাঝাৰ, ২৫ জুলাই (হি.স.)। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্য্যই বিটিচি বিধানসভাৰ পৰৱৰ্তী অধিবেশন আহ্বান কৰিছে। ৰাজভৱনৰ পৰা জাৰি কৰা চৰকাৰী জাননী অনুসৰি বিটিচি বিধানসভাৰ এই অধিবেশন ৩১ জুলাই, ২০২৫ তাৰিখে পুৱা ১০ বজাৰ পৰা আৰম্ভ হ’ব।

এই অধিবেশন বিটিচি বিধানসভা ভবন, বদোফা নগৰ, কোকৰাঝাৰত অনুষ্ঠিত হ’ব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande