আন্তৰ্জাতিক সমবায় বৰ্ষৰ সৈতে সংগতি ৰাখি তামুলপুৰত অনুষ্ঠিত সজাগতা সভা
তামুলপুৰ, ২৫ জুলাই (হি.স.)। আন্তৰ্জাতিক সমবায় বৰ্ষৰ সৈতে সংগতি ৰাখি সমবায় বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত আজি কচুবাৰীস্থিত মহাপ্ৰভু শ্ৰী শ্ৰীগোপাল আৰু জগন্নাথ থান সত্ৰৰ সভাগৃহত এখন সজাগতা সভা অনুষ্ঠিত হয়। সমবায় বিভাগৰ বিষয়া কবিতা ৰাণী দাসে আদৰণী ভাষণ
তামুলপুৰত সজাগতা সভা ।


তামুলপুৰত সজাগতা সভা ।


তামুলপুৰ, ২৫ জুলাই (হি.স.)। আন্তৰ্জাতিক সমবায় বৰ্ষৰ সৈতে সংগতি ৰাখি সমবায় বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত আজি কচুবাৰীস্থিত মহাপ্ৰভু শ্ৰী শ্ৰীগোপাল আৰু জগন্নাথ থান সত্ৰৰ সভাগৃহত এখন সজাগতা সভা অনুষ্ঠিত হয়। সমবায় বিভাগৰ বিষয়া কবিতা ৰাণী দাসে আদৰণী ভাষণ আগবঢ়োৱা সভাখনত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে কয়, সজাগতা সভাৰ জৰিয়তে তামুলপুৰত সমবায় সমূহৰ যি সম্ভাৱনা আছে, সি অতি শক্তিশালী হ'ব। বিশেষকৈ ভাৰত-ভূটান সীমান্তৱৰ্তী এই জিলা খনত আন্তৰ্জাতিক ব্যৱসায় বাণিজ্যৰ যি সম্ভাৱনা আছে, আমাৰ সমবায় সমূহে তাক আৰু অধিক শক্তিশালী কৰি তুলিব বুলি আশা কৰিব পাৰি।

সমবায় সমূহৰ জৰিয়তে কি কি কৰিব পাৰি, এইক্ষেত্ৰত চৰকাৰে দিয়া আঁচনি, স্থানীয় সামগ্ৰীৰ উৎপাদন বৃদ্ধিৰে বৈদেশিক বাণিজ্য, বেংক সমূহৰ ঋণ প্ৰদান আদিৰ বিস্তৃত বিশ্লেষণেৰে স্থানীয় বিধায়ক জলেন দৈমাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাস, পাৰিষদ হেমন্ত কুমাৰ ৰাভা, পদ্মশ্ৰী খৰ্বেশ্বৰ বসুমতাৰী আদিয়ে নিজৰ মত ব্যক্ত কৰে। আজিৰ সভাত নাবাৰ্ডৰ জিলা উন্নয়ন বিষয়া উৎপল বেজবৰুৱা, আই চি এম, গুৱাহাটীৰ সমল ব্যক্তি ডঃ প্ৰণৱ বৈশ্য, ৰঙিয়া স্থিত এপেক্স বেংকৰ শাখা প্ৰৱন্ধক ৰণেশ্বৰ বৈশ্য, সহকাৰী আয়ুক্ত কবিতা ফাংছ', বিষয়া-কৰ্মচাৰী, জিলা খনৰ ১১খন সমবায়ৰ লগতে সৰু সৰু সমবায় সমূহ আৰু আত্মসহায়ক গোটৰ সদস্য আদিয়ে অংশগ্ৰহণ কৰে। তদুপৰি সভাস্থলীৰ চৌহদত বিভিন্ন আত্মসহায়ক গোটৰ সদস্যই নিজৰ উৎপাদিত সামগ্ৰীৰ বিপণীও স্থাপন কৰে বুলি জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই সংবাদ মাধ্যমক অবগত কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande