তেজপুৰত ব্ৰহ্মপুত্ৰত সন্তানসহ জাঁপ দিয়াৰ চেষ্টা মহিলাৰঃ কথমপি প্ৰাণ ৰক্ষা
শোণিতপুৰ, ২৪ জুলাই (হি.স.)। তেজপুৰ নগাঁও সংযোগী তথা ভোমোৰাগুৰিত ব্ৰহ্মপুত্ৰৰ ওপৰৰ দ্বিতীয়খন দলঙৰ পৰা আজি এগৰাকী মহিলাই সাতবছৰীয়া সন্তান সহ জঁপিয়াবলৈ চেষ্টা কৰাৰ সময়তে স্হানীয় একাংশ লোকৰ লগতে আৰক্ষীয়ে মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আজি দুপৰীয়া প্
তেজপুৰত ব্ৰহ্মপুত্ৰত সন্তানসহ জাঁপ দিয়াৰ চেষ্টা মহিলাৰঃ কথমপি প্ৰাণ ৰক্ষা


শোণিতপুৰ, ২৪ জুলাই (হি.স.)। তেজপুৰ নগাঁও সংযোগী তথা ভোমোৰাগুৰিত ব্ৰহ্মপুত্ৰৰ ওপৰৰ দ্বিতীয়খন দলঙৰ পৰা আজি এগৰাকী মহিলাই সাতবছৰীয়া সন্তান সহ জঁপিয়াবলৈ চেষ্টা কৰাৰ সময়তে স্হানীয় একাংশ লোকৰ লগতে আৰক্ষীয়ে মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আজি দুপৰীয়া প্ৰায় ১২-৩০ বজাত সংঘটিত হয় এই ঘটনা।

এই সন্দৰ্ভত প্ৰত্যক্ষদৰ্শীয়ে কয় যে, নগাঁও দিশৰ পৰা আহি মহিলাগৰাকীয়ে নিজৰে সাতবছৰীয়া কন্যা সন্তানটিৰ স’তে ব্ৰহ্মপুত্ৰত জাঁপদিবলৈ চেষ্টা চলাইছিল য’দিও প্ৰত্যক্ষদৰ্শীৰ তৎপৰতাত মহিলাগৰাকীৰ লগতে শিশুটিৰ প্ৰাণ ৰক্ষা পৰে৷ সম্প্ৰতি বৰঘাট আৰক্ষীৰ জিন্মাত থকা মহিলাগৰাকীয়ে নিজকে বিশ্বনাথ ঘাটৰ বুলি প্ৰকাশ কৰাৰ লগতে বিবাহিতা মহিলাগৰাকীয়ে কিছুদিন পূৰ্বে সন্তান সহ স্বামীক এৰি আন এজনৰ স’তে গুছি অহা বুলিও কয়৷ ইয়াৰ পাছতে নগাঁৱত থাকিবলৈ লোৱা মহিলাগৰাকীৰ নতুন স্বামীৰ স’তে বিবাদৰ সূত্ৰপাত ঘটাত আজি নগাঁৱৰ পৰা আহি এইদৰে সন্তান সহ ব্ৰহ্মপুত্ৰত জাঁপ দিয়াৰ চেষ্টা চলোৱা বুলিও প্ৰকাশ কৰে৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande