শোণিতপুৰ, ২৪ জুলাই (হি.স.)।
তেজপুৰ নগৰাঞ্চলৰ লগতে গ্ৰামাঞ্চলতো সঘনাই বিদ্যুৎ কৰ্টনে সৰ্বসাধাৰণক জলাকলা খুবাইছে৷ উল্লেখযোগ্য যে, অত্যন্ত গৰমৰ মাজতে বিদ্যুতৰ সঘনাই কৰ্টনৰ ফলত ৰাইজ এক অভাৱনীয় পৰিস্থিতিৰ সন্মূখীন হ’ব লগা হৈছে৷
উল্লেখযোগ্য যে, পাতলীয়া বৰষুণৰ পিছতেই নিশা তিনি বজাৰ পৰা বিয়লি চাৰি বজা পৰ্যন্ত প্ৰায় ১২ঘন্টালৈকে চহৰখনৰ একোটা অঞ্চলত বিদ্যুৎ সংযোগ ব্যাহত হোৱাৰো নজিৰ থকা তেজপুৰত আজি কলিবাৰী অঞ্চলত পুৱা চাৰি বজাৰ পৰা দিনৰ প্ৰায় এক বজালৈকে বিদ্যুৎ যোগান ব্যাহত হয়৷
প্ৰনিধানযোগ্য যে, সাধাৰণ জনতাৰ বাবে বিভাগে দিয়া অভিযোগ কক্ষৰ ফোন নম্বৰটোত গ্ৰাহকে যোগাযোগ কৰিলে কোনো সুফল নেপোৱাৰ লগতে বেছিখিনি সময়েই উক্ত ফোন নম্বৰত যোগাযোগ কৰাটোৱেই সম্ভৱ নহয়৷ এনে সঘনাই বিদ্যুৎ কৰ্টন সন্দৰ্ভত সাধাৰণ জনতাক পতিয়ন নিয়াব পৰাকৈ কোনো সুদোত্তৰ বিভাগৰ বিষয়া বৰ্গৰ পৰাও পোৱা নাযায় বুলি অভিযোগ উঠি আহিছে উচ্ছহাৰত বেতন ভোগ কৰা এনে বিষয়াক ৰাইজে কাযাৰ্লয়ত লগ কৰিবলৈ গ’লেও প্ৰায়খিনি সময় তেওঁলোক ফিল্ড ডিউটিত বুলিহে তলতীয়া কৰ্মচাৰীয়ে জানিবলৈ দিয়ে৷
বিদ্যুৎ মাছুল যথেষ্ট বৃদ্ধিৰ বিপৰীতে বিভাগটোৱে আগবঢ়োৱা সেৱাকলৈ ৰাইজে গভীৰ অসন্তুষ্টি প্ৰকাশ কৰিলেও এইক্ষেত্ৰত সকলো ফুটুকাৰ ফেনতহে পৰিণত হৈছে৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ