অসম সাহিত্য সভাই দেশে-বিদেশে পালন কৰিব শুভাৰম্ভণী অনুষ্ঠান
শোণিতপুৰ, ২৪ জুলাই (হি.স.)। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট শিল্পী, গীতিকাৰ, সুৰকাৰ, গায়ক, সাহিত্যিক ভাৰতৰত্ন-বিশ্বৰত্ন ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবৰ্ষৰ কাৰ্যসূচী ব্যাপক উৎসাহ উদ্দীপনাৰে আয়োজন কৰাৰ বাবে পৰিকল্পনা কৰিছে অসম সাহিত্য সভাই। যোৱা ৬ জুলাই তাৰিখে চিৰাং জিলাৰ ঢালিগাঁৱত অনুষ্ঠিত দ্বিতীয় পূর্ণাংগ কার্যনির্বাহক অধিৱেশনত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হয়।
সভাৰ সিদ্ধান্ত অনুসৰি ৮ ছেপ্টেম্বৰৰ পুৱাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে শতবৰ্ষ অনুষ্ঠানৰ আৰম্ভণি প্ৰতিখন জিলা সভা আৰু শাখা সাহিত্য সভাৰ লগতে দেশে-বিদেশত থকা ৰাছিয়া, কুয়েট, উত্তৰ আমেৰিকা, গ্রেট ব্রিটেইন, লণ্ডন, আদিৰ শাখা সভাসমূহেও পালন কৰিব। এই উপলক্ষে অসম সাহিত্য সভাই ড° হাজৰিকাদেৱৰ গীত-মাতৰ পৰিৱেশন, গৱেষণাধর্মী আলোচনা, ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্রতিযোগিতাৰ লগতে বহুতো সাহিত্য-সাংস্কৃতিক কাৰ্যসূচী আয়োজন কৰিবৰ বাবে জিলা আৰু শাখা সভাসমূহলৈ ইতিমধ্যে নির্দেশনা প্ৰেৰণ কৰিছে। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই জিলা সাহিত্য সভাসমূহক তেওঁলোকৰ অধীনস্থ শাখা সভাসমূহৰ অনুষ্ঠানসমূহ তদাৰক কৰাৰ লগতে প্ৰতিখন জিলা সভাই কেন্দ্রীয়ভাৱে এই অনুষ্ঠান আয়োজন কৰিবলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে।
আনহাতে, অসম সাহিত্য সভাই কেন্দ্রীয়ভাৱে এই শুভাৰম্ভণী অনুষ্ঠান ওদালগুৰি জিলাৰ শ্ৰীশ্ৰীগোবিন্দ মিশ্র শাখা সাহিত্য সভাৰ উদ্যোগত কলাইগাঁৱৰ প্ৰগতিশীল জনমঞ্চৰ মুকলি সভাগৃহত আয়োজনৰ পৰিকল্পনা গ্রহণ কৰিছে। ৮ আৰু ৯ ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা উক্ত অনুষ্ঠানত বিভিন্ন প্রতিযোগিতাৰ উপৰিও দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত হ'ব মুকলি অধিৱেশন, য'ত ড° ভূপেন হাজৰিকাৰ জীৱন আৰু অৱদানৰ ওপৰত অধ্যয়ন, গৱেষণা কৰা ব্যক্তিসকলক সমাজৰ আগত তুলি ধৰাৰ ব্যৱস্থা গ্রহণ কৰা হ'ব বুলি প্রধানসম্পাদকগৰাকীয়ে জানিবলৈ দিছে।
বিজ্ঞপ্তিটোত প্রধান সম্পাদক দেৱজিৎ বৰাই লগতে কয় যে অহা ৮ ছেপ্টেম্বৰত এই জন্ম শতবৰ্ষৰ কাৰ্যসূচীৰ আৰম্ভণি কৰি মাজত আন এটা অনুষ্ঠান আৰু সামৰণি অনুষ্ঠান প্রতিখন জিলা আৰু শাখা সাহিত্য সভাই পালন কৰিব লাগিব।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ