বৰপেটা, ০২ জুলাই (হি.স.): হাউলীত মঙলবাৰে বিয়লি ডাম্পিং গ্ৰাউণ্ড স্থাপনকলৈ উত্তেজনাৰ সৃষ্টি হয় । হাউলীৰ মৈৰামাৰাত ড্ৰাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰোধিতা কৰিছে গাঁওবাসীয়ে । লগতে ৰাইজে আবদ্ধ কৰিলে জাবৰ কঢ়িওৱা পৌৰসভাৰ কেইবাখনো বাহন।
এখন ডাম্পিং গ্ৰাউণ্ডৰ বাবে হাউলি বাসী ৰাইজৰ অভাৱ আছিল য'ত চহৰৰ গেলা পঁচা সামগ্ৰী পেলাব পাৰে। শেহতীয়া ভাৱে পৌৰসভাই চহৰখনৰ উপকণ্ঠ অঞ্চলত এটুকুৰা ঠাই বাচনি কৰি ডাম্পিং গ্ৰাউণ্ডৰ বাবে উপযুক্ত বুলি ভাবি ঠাই টুকুৰা অধিগ্ৰহণ কৰিছিল। কিন্তু ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰাকলৈ প্ৰতিবাদত বহিল গাঁওবাসী। কিয়নো এই অঞ্চলটোৰ গাতে লাগি আছে কেইবাটাও মন্দিৰ লগতে মছজিদ। গাতে লাগি থকা পথটোৰে অহাযোৱা কৰে এই অঞ্চলৰ শতাধিক ছাত্ৰ ছাত্ৰী তথা ৰাইজ।
সেয়েহে পৰিবেশ দূষিত হোৱাৰ আকাংক্ষা কৰি অঞ্চল বাসী ওলাই আহিছে। ঘটনাস্থলীত হাউলী আৰক্ষী উপস্থিত হৈ পৰিবেশ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ