গোলাঘাটৰ বটল দলিওৱা কাণ্ডক লৈ অৱশেষত মুখ খুলিলে গোলাঘাট আৰক্ষীয়ে
গোলাঘাট, ০২ জুলাই (হি.স.)। গোলাঘাটৰ বটল দলিওৱা কাণ্ডক লৈ অৱশেষত আজি মুখ খুলিলে গোলাঘাট আৰক্ষীয়ে। গোলাঘাটৰ আৰক্ষী অধীক্ষক গৰাকীয়ে সংবাদমেল যোগে সদৰী কৰিলে কেতবোৰ কথা।মুখ্যমন্ত্ৰী গোলাঘাটলৈ অহা দিনা গোলাঘাট কংগ্ৰেছে প্ৰতিবাদ কৰিছিল। মুখ্যমন্ত্ৰীৰ কনভ
গোলাঘাটৰ বটল দলিওৱা কাণ্ডক লৈ অৱশেষত মুখ খুলিলে গোলাঘাট আৰক্ষীয়ে


গোলাঘাট, ০২ জুলাই (হি.স.)। গোলাঘাটৰ বটল দলিওৱা কাণ্ডক লৈ অৱশেষত আজি মুখ খুলিলে গোলাঘাট আৰক্ষীয়ে। গোলাঘাটৰ আৰক্ষী অধীক্ষক গৰাকীয়ে সংবাদমেল যোগে সদৰী কৰিলে কেতবোৰ কথা।মুখ্যমন্ত্ৰী গোলাঘাটলৈ অহা দিনা গোলাঘাট কংগ্ৰেছে প্ৰতিবাদ কৰিছিল। মুখ্যমন্ত্ৰীৰ কনভয়লৈ দুষ্কৃতিকাৰীয়ে পানীৰ বটল দলিয়াইছিল। মুখ্যমন্ত্ৰীৰ সুৰক্ষাৰ প্ৰতি ভাবুকি এয়া। আৰক্ষী অধীক্ষক গৰাকীয়ে লগতে কয় যে এয়া প্ৰি প্লেন ক্ৰাইম। পানীৰ বটল লাগিছিল মন্ত্ৰী অতুল বৰাৰ গাড়ীত।

তেওঁ জনায় যে ছয় জনৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন হৈছে। দীপাংকৰ ডেকা বুলি এজন হৈছে মূল কালপ্ৰিত। ইতিমধ্যে ৰাহুল ফুকনক জেললৈ প্ৰেৰণ কৰা হৈছে।আন চাৰিজন হৈছে প্ৰাণহৰি ফুকন, ঋষিৰাজ বাৰুকিয়াল,অৰিন্দম বড়ি, পংকজ গগৈ।এই বিষয়ত আৰক্ষীয়ে অধিক গোচৰ লোৱাৰ সম্ভাৱনা আছে। উচতনি দিয়া দল, সংগঠন, ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কয় আৰক্ষী অধীক্ষকে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande