ভূমিস্খলনৰ ফলত মণিপুৰ-নাগালেণ্ডৰ মাজত যাতায়ত ব্যাহত , ২নং ৰাষ্ট্ৰীয় ঘাইপথৰ পথ সলনি
ইম্ফল, ০২ জুলাই (হি.স.)। কোহিমা আৰু মাওৰ মাজৰ ৰাষ্ট্ৰীয় ঘাইপথ-০২ৰ এটা গুৰুত্বপূৰ্ণ অংশত হোৱা ব্যাপক ভূমিস্খলনৰ ফলত মণিপুৰ আৰু নাগালেণ্ডৰ মাজত যাতায়ত সম্পূৰ্ণৰূপে ব্যাহত হৈছে। অত্যাৱশ্যকীয় সামগ্ৰী আৰু যাত্ৰীবাহী বাহনৰ চলাচল বন্ধ হৈ পৰিছে। ফেছামা গ
ভূমিস্খলনৰ ফলত মণিপুৰ-নাগালেণ্ডৰ মাজত যাতায়ত ব্যাহত , ২নং ৰাষ্ট্ৰীয় ঘাইপথৰ পথ সলনি


ইম্ফল, ০২ জুলাই (হি.স.)। কোহিমা আৰু মাওৰ মাজৰ ৰাষ্ট্ৰীয় ঘাইপথ-০২ৰ এটা গুৰুত্বপূৰ্ণ অংশত হোৱা ব্যাপক ভূমিস্খলনৰ ফলত মণিপুৰ আৰু নাগালেণ্ডৰ মাজত যাতায়ত সম্পূৰ্ণৰূপে ব্যাহত হৈছে। অত্যাৱশ্যকীয় সামগ্ৰী আৰু যাত্ৰীবাহী বাহনৰ চলাচল বন্ধ হৈ পৰিছে।

ফেছামা গাঁৱত সংঘটিত হোৱা এই ভূমিস্খলনে ৰাজ্য দুখনৰ সংযোগী মূল পথটো সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলায়। ক্ষতিগ্ৰস্ত অংশ মেৰামতিৰ কামত নিয়োজিত হৈছে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডে।

বিষয়াসকলৰ মতে, নাগালেণ্ড চৰকাৰে প্ৰয়োজনীয় মাটি যোগান ধৰিছে যদিও ক্ষতি অত্যধিক হোৱাৰ বাবে মেৰামতিৰ বাবে বহু সময় লাগিব। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি লঘু আৰু মজলীয়া বাহনৰ বাবে বিকল্প পথ নিৰ্ধাৰণ কৰা হৈছে।

লঘু বাহন: ডিমাপুৰ – কোহিমা – ফেছামা – কিছামা – জাখামা – মাও – মৰম – ইম্ফল (মুঠ দূৰত্ব: ১৯৩ কিলোমিটাৰ) আৰু ২-অক্ষলৈকে বাহন: ডিমাপুৰ – কোহিমা – চাকাবামা – কিডিমা – মাও – মৰম – ইম্ফল (মুঠ দূৰত্ব: ২০৭ কিলোমিটাৰ)।

মণিপুৰ সীমান্তৰ ৯ কিলোমিটাৰকে ধৰি মাওৰ পৰা চাকাবামালৈ যোৱা ২৮ কিলোমিটাৰ পথত পি ডব্লিউ ডি মণিপুৰৰ দ্বাৰা ৰক্ষণাবেক্ষণৰ কাম চলি আছে। বতৰৰ উন্নতিৰ পিছত ডব্লিউ এম এম আৰু এছ ডি বি চি স্তৰৰ কাম আৰম্ভ হোৱাৰ বিপৰীতে জি এছ বি লেইং চলি আছে।

যদিও নিৰ্মাণৰ কাম চলি আছে, এই বিকল্প পথটো সকলো ধৰণৰ বাহনৰ বাবে মুকলি আৰু মণিপুৰ সীমান্তৰ ভিতৰত যাতায়ত স্বাভাৱিকভাৱে চলি আছে।

মণিপুৰ চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ প্ৰধান সচিবেও নাগালেণ্ড চৰকাৰৰ সচিবৰ সমন্বয়ত গধুৰ যানবাহনৰ বাবে বিকল্প পথৰ প্ৰস্তাৱ আগবঢ়াইছে।

ইয়াৰ ভিতৰত বিকল্প ১: ডিমাপুৰ – ঝৰ্ণাপানী – জালুকি – পেৰেন – মৰম – ইম্ফল (মুঠ দূৰত্ব: ২৯৩ কি:মি:) আৰু বিকল্প ২: ডিমাপুৰ – কোহিমা – চাকাবামা – জেছামি – উখৰুল – ইম্ফল (মুঠ দূৰত্ব: ৩৭২ কি:মি:)।

বাৰিষাৰ এই স্পৰ্শকাতৰ সময়ত ভূমিস্খলনে অঞ্চলটোত লজিষ্টিক প্ৰত্যাহ্বান আৰু অধিক বৃদ্ধি কৰিছে। দুয়োখন ৰাজ্যৰ চৰকাৰে একেলগে কাম কৰি পথটো পুনৰ ঘূৰাই আনি যাতায়ত স্বাভাৱিক কৰি তুলিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande