কাৰ্বি আংলং, ০৩ জুলাই (হি.স.)। কাৰ্বি আংলং জিলাৰ বোকাজানৰ লাহৰিজানত ভয়ঙ্কৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এই অগ্নিকাণ্ডত নিমিষতে জ্বলি ছাৰখাৰ হ'ল মাছৰ বজাৰ। লগতে কেইবা লক্ষাধিক টকাৰ সম্পত্তি জ্বলি ভস্মীভূত হয় l
যোৱা নিশা প্ৰায় ৯ বাজি ৩০ মিনিটত অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত সংঘটিত হয় এক ভয়ঙ্কৰ অগ্নিকাণ্ড ৷ প্ৰাপ্ত খবৰ অনুসৰি, লাহৰিজানৰ মাছ বজাৰত সংঘটিত হয় উক্ত অগ্নিকাণ্ড ৷ অগ্নিৰ লেলিহান শিখাই সমগ্ৰ মাছ বজাৰখন গ্ৰাস কৰি পেলায় ৷ অগ্নিকাণ্ডৰ খবৰ পাই চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰৰ পৰা চাৰিখন আৰু বোকাজানৰ পৰা দুখন অগ্নিনিৰ্বাপন বাহিনীৰ জুই নুমাবলৈ চেষ্টা কৰি আছে ৷
অগ্নিকাণ্ডত প্ৰায় ২০ টাতকৈ অধিক দোকান জ্বলি ছাৰখাৰ হোৱাৰ লগতে প্ৰায় কেইবা লক্ষাধিক টকাৰ সম্পত্তি ভষ্মিভূত হৈছে বুলি জানিব পৰা গৈছে৷ শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড হয় বুলি জানিব পৰা গৈছে।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু