ৰঙিয়াত নিষিদ্ধ গাঞ্জা সহ ৰে'ল যাত্ৰী গ্ৰেপ্তাৰ
কামৰূপ, ০৩ জুলাই (হি.স.)। ৰঙিয়াত নিষিদ্ধ গাঞ্জা সহ ৰে''ল যাত্ৰী গ্ৰেপ্তাৰ কৰা হৈছে। উদ্ধাৰ হোৱা গাঞ্জা খিনিৰ বজাৰ মূল্য লক্ষাধিক টকা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ পায়। ওদালগুৰিৰ পৰা ৰে''ল যোগে প্ৰায় ৯কেজি ৬০০ গ্ৰাম নিষিদ্ধ গাঞ্জা সৰবৰাহ কৰি থকাৰ
ৰঙিয়াত নিষিদ্ধ গাঞ্জা সহ ৰে'ল যাত্ৰী গ্ৰেপ্তাৰ


কামৰূপ, ০৩ জুলাই (হি.স.)। ৰঙিয়াত নিষিদ্ধ গাঞ্জা সহ ৰে'ল যাত্ৰী গ্ৰেপ্তাৰ কৰা হৈছে। উদ্ধাৰ হোৱা গাঞ্জা খিনিৰ বজাৰ মূল্য লক্ষাধিক টকা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ পায়।

ওদালগুৰিৰ পৰা ৰে'ল যোগে প্ৰায় ৯কেজি ৬০০ গ্ৰাম নিষিদ্ধ গাঞ্জা সৰবৰাহ কৰি থকাৰ মূহুৰ্তত ৰঙিয়াৰ ৰে'ল আৰক্ষীয়ে ১ নং প্লেটফ্ৰমৰ পৰা কৰায়ত্ব কৰে গাঞ্জা সহ গাঞ্জা সৰবৰাহকাৰীজন । এক গোপন খবৰৰ ভিত্তিত বুধবাৰে নিশা প্ৰায় ১ বজাত ৰঙিয়া ৰে'ল আৰক্ষীয়ে ৰঙিয়া ষ্টেচনৰ ১ নং প্লেটফ্ৰমত অভিযান চলাইছিল । অভিযান কালত ৰঙিয়া ৰে'ল আৰক্ষীয়ে গাঞ্জা সৰবৰাহ কৰা এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে । ধৃত গাঞ্জা সৰবৰাহকাৰী জন হৈছে ওদালগুৰি জিলাৰ বেকীগাঁৱৰ মনু চৌহান । ধৃত সৰবৰাহকাৰীজনক অধিক তথ্যৰ বাবে ৰঙিয়া ৰে'ল আৰক্ষীয়ে জেৰা অব্যহত ৰাখিছে । গাঞ্জা সৰবৰাহকাৰীজনে গাঞ্জাসহ এনেদৰে এটা ৰে'ল ষ্টেচনৰ পৰা আন এটা ৰে'ল ষ্টেচনলৈ কেনেকৈ আহিল সেয়াহে প্ৰশ্ন উঠিছে । তাৰ মাজতে ৰঙিয়া ৰে'ল আৰক্ষীৰ সফল অভিযানৰ সমাপ্তি ঘটে ।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande