গৌৰীপুৰ আলমগঞ্জত উচ্ছেদৰ খবৰ পোৱাৰ পিছতেই হতাশাত ভুগিছে হেজাৰ হেজাৰ পৰিয়াল
ধুবুৰী, ০৩ জুলাই (হি.স.)। এইবাৰ খিলঞ্জীয়া দেশী লোক সকলোৰ পট্টা থকা ভূমিত চৰকাৰৰ চকু৷ গৌৰীপুৰ আলমগঞ্জত উচ্ছেদৰ খবৰ পোৱাৰ পিছতেই হতাশাত ভুগিছে হেজাৰ হেজাৰ পৰিয়াল। গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত সভা। পাট্টা থকা মাটি এৰি নিদিয়াৰ হুংকাৰ। প্
গৌৰীপুৰ আলমগঞ্জত উচ্ছেদৰ খবৰ পোৱাৰ পিছতেই হতাশাত ভুগিছে হেজাৰ হেজাৰ পৰিয়াল


ধুবুৰী, ০৩ জুলাই (হি.স.)। এইবাৰ খিলঞ্জীয়া দেশী লোক সকলোৰ পট্টা থকা ভূমিত চৰকাৰৰ চকু৷ গৌৰীপুৰ আলমগঞ্জত উচ্ছেদৰ খবৰ পোৱাৰ পিছতেই হতাশাত ভুগিছে হেজাৰ হেজাৰ পৰিয়াল। গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত সভা। পাট্টা থকা মাটি এৰি নিদিয়াৰ হুংকাৰ। প্ৰকল্প স্থাপনৰ পৰিকল্পনাৰে আলমগঞ্জৰ প্ৰায় চাৰি হেজাৰ বিঘা মাটি সীমা নিৰ্ধাৰণ কৰাৰ যোজা চলাইছে। প্ৰায় চাৰি হেজাৰ বিঘা মাটিত হব উচ্ছেদৰ সম্ভাৱনা। প্ৰায় ৯০০ (ন শ) বিঘা পট্টাৰ মাটি আছে। খাস মাটি ২২০০ ( বাইস-শ) বিঘা আছে বুলি জানিব পৰা গৈছে। বুধবাৰে ধুবুৰী জিলা আয়ুক্ত, জিলা অতিৰিক্ত আয়ুক্ত, গৌৰীপুৰ চক্ৰ বিষয়াই আলমগঞ্জ অঞ্চলৰ পাট্টাদাৰ সকলৰ সৈতে আলোচনাত মিলিত হৈছিল। গৌৰীপুৰ আলমগঞ্জ চিতলকাটী গাৱঁত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কার্যকৰী সভাপতি মোজাম্মেল হক লগতে সংগঠনৰ নেতৃত্ব উক্ত স্থানত উপস্থিত হৈ ৰাইজৰ পৰিস্থিতিৰ বুজ লয়৷উপস্থিত হৈ কেন্দ্ৰীয় সমিতিৰ কার্যকৰী সভাপতি মোজাম্মেল হকে এনেদৰে কয় যে ভূমিপুত্ৰ তথা পাট্টাদাৰ সকলোৰ ভুমি কেতিয়াও এৰি দিয়া নহব। চৰকাৰী মাটিত বসবাস কৰা লোক সকলক উচ্ছেদ কৰক, খাচ মাটি লওক আমাৰ আপত্তি নাই।কিন্তু খিলঞ্জীয়া তথা দেশী জনগোষ্ঠীৰ পানবাৰী তথা আলমগঞ্জ অঞ্চলৰ গাঁৱ সমূহ নিশ্বেষ কৰিবলৈ দিয়া নহব আমি চৰকাৰ তথা ধুবুৰী জিলা আয়ুক্ত পট্টাদাৰ সকলোক হাৰাশাস্তি নকৰিবলৈ আহ্বান জনাইছো৷শেহতীয়াকৈ ধুবুৰী জিলাৰ গৌৰীপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত আলমগঞ্জ ১ম খণ্ড, আলমগঞ্জ চতুৰ্থ খণ্ড, আলমগঞ্জ পঞ্চম খণ্ড, ষষ্ঠ খণ্ড, সপ্তম খণ্ড,নৱম খণ্ড বাঘমাৰা আদি গাঁওৰ ভূমি সীমা নিৰ্ধাৰণৰ যো জা অব্যাহত আছে। এডভাঞ্চ আসাম ২.০ অধীনত প্ৰকল্প নিৰ্মাণ কৰাৰ বাবে বৃহৎ ভূমি অধিগ্ৰহণ কৰাৰ বাবে পাট্টাদাৰ সকলক ইতিমধ্যে অৱগত কৰিছে জিলা প্ৰশাসনে। পাট্টাদাৰ সকলে কিছু সংখ্যকে পাট্টা ভূমি এৰি নিদিয়াৰ কথা কয় যদিও আনফালে ঘৰ দুৱাৰ,ভেটি মাটি বাদ দি ভূমি এৰি দিয়াৰ পোষকতা একাংশ পাট্টাদাৰৰ। চৰকাৰী ভূমিত যুগ যুগ ধৰি বসবাস কৰা হাজাৰ হাজাৰ পৰিয়ালেও গৃহ- উচ্ছেদ হোৱাৰ আতংকত নিদ্ৰা হৰণ হৈছে কেইবাখনো গঞা ৰাইজৰ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande