ধুবুৰী, ০৩ জুলাই (হি.স.)। বিজেপি চৰকাৰে চলাই থকা উচ্ছেদ অভিযান সম্পূৰ্ণৰূপে সংবিধান বিৰোধী। বিলাসীপাৰাত আজি ৰাইজৰ দ'লৰ সংবাদমেল সম্বোধন। নয়াহাট কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি উচ্ছেদ অভিযান প্ৰসংগক কেন্দ্ৰ কৰি এইদৰে তাৎপৰ্য্যপূৰ্ণ মন্তব্য আগবঢ়ায় ৰাইজৰ দ'লৰ কেন্দ্ৰীয় নেতৃত্বই। অমানৱীয় উচ্ছেদৰ বিৰোধিতা ৰাইজৰ দলৰ । উচ্ছেদিত লোকক পুনৰ সংস্থাপনৰ দাবী ।
সংবাদ মেলত উল্লেখ কৰে যে ,সংখ্যালঘূ লোকক টাৰ্গেট কৰি উচ্ছেদ কৰি সাম্প্ৰদায়িক সংঘাতৰ ৰাজনীতি কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে । সংবিধানে নাগৰিকক প্ৰদান কৰা বাসস্থান, অন্ন-বস্ত্ৰ আৰু শিক্ষাৰ মৌলিক অধিকাৰক বিজেপিয়ে সম্পূৰ্ণৰূপে ভৰিৰে মোহাৰি অনৈতিক ভাৱে উচ্ছেদ অভিযান চলাই আছে। বিজেপিৰ এই উচ্ছেদ অভিযানে উচ্চতম ন্যায়ালয়ক অপমান কৰিছে। বিজেপিয়ে সংবিধানো নামানে আৰু উচ্চতম ন্যায়ালয়কো নামানে। ৰাইজৰ দলৰ স্পষ্ট কথা- উচ্ছেদ অভিযান সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে। আৰু কৰিলে আগত পুনৰ সংস্থাপনৰ যথোচিত ব্যৱস্থা গ্ৰহণ কৰিহে কৰিৱ লাগে। নয়াহাটস্থিত ৰাইজৰ দলৰ কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত কৰি ৰাইজৰ দলৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি কৱীন্দ্ৰ চেতিয়া ফুকন, সম্পাদক আশ্ৰাফুল ইছলাম আৰু ধুবুৰী জিলা সমিতিৰ সভাপতি জামাল হকে উচ্ছেদৰ বিৰোধীতাৰে চৰকাৰক তীব্ৰ সমালোচনা কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ