শিলচৰ-লামডিং ৰে’ল লাইনত পুনৰ ভূমিস্খলন, ৰে’ল সেৱা ব্যাহত
কাছাৰ, ০৩ জুলাই (হি.স.)। শিলচৰ-লামডিং পাহাৰীয়া ৰে’লপথত পুনৰ ভূমিস্খলন সংঘটিত হৈছে। ভূমিস্খলনৰ বাবে এই পথত ৰে’ল যাতায়ত সম্পূৰ্ণ স্তব্ধ হৈ পৰিছে। বিভাগীয় বিষয়াৰ মতে, বৃহস্পতিবাৰে মুপা ষ্টেচনৰ সমীপত হোৱা ভূমিস্খলনৰ বাবে পাহাৰৰ পৰা মাটি আৰু শিল ৰে’ল
শিলচৰ-লামডিং ৰে’ল লাইনত পুনৰ ভূমিস্খলন, ৰে’ল সেৱা ব্যাহত


কাছাৰ, ০৩ জুলাই (হি.স.)। শিলচৰ-লামডিং পাহাৰীয়া ৰে’লপথত পুনৰ ভূমিস্খলন সংঘটিত হৈছে। ভূমিস্খলনৰ বাবে এই পথত ৰে’ল যাতায়ত সম্পূৰ্ণ স্তব্ধ হৈ পৰিছে।

বিভাগীয় বিষয়াৰ মতে, বৃহস্পতিবাৰে মুপা ষ্টেচনৰ সমীপত হোৱা ভূমিস্খলনৰ বাবে পাহাৰৰ পৰা মাটি আৰু শিল ৰে’লপথ আৱদ্ধ কৰি পেলায়। ইয়াৰ বাবে ১৫৬১৬ শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ বাটত আবদ্ধ হৈ পৰে, যিটো এতিয়াৰ বাবে মুপা ষ্টেচনৰ ফালে ঘূৰাই অনা হৈছে।

ট্ৰেকৰ পৰা ধ্বংসাৱশেষ আঁতৰোৱাৰ বাবে যুদ্ধৰ ভিত্তিত কাম আৰম্ভ কৰিছে ৰে’লৱেই। ৰে'ল বিভাগৰ বিষয়াৰ মতে, যদি বৰষুণ নাথাকে তেন্তে নিশাৰ ভিতৰত ৰে’লপথ মুকলি কৰা হ'ব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande