বাক্সাৰ দাওধাৰাত যুৱ বিপিএফৰ কেন্দ্ৰীয় কাৰ্যকৰ্তা সন্মিলনত হাগ্ৰামা মহিলাৰী
বাক্সা, ১৬ জুলাই (হি.স.)। বাক্সাৰ দাওধাৰাত যুৱ বিপিএফৰ কেন্দ্ৰীয় কাৰ্যকৰ্তা সন্মিলনত হাগ্ৰামা মহিলাৰী। প্ৰমোদ বড়োৰ চেহেৰা-পাতি চালেই গম পায় সি চৰকাৰ বনাব পাৰিবনে নাই! প্ৰমোদ বড়ো জিৰ'', একদম টোটেলী শেষ। আমিতো হাঁহি হাঁহি কথা ক''ব পাৰে, প্ৰমোদক এ
বাক্সাৰ দাওধাৰাত যুৱ বিপিএফৰ কেন্দ্ৰীয় কাৰ্যকৰ্তা সন্মিলনত হাগ্ৰামা মহিলাৰী


বাক্সা, ১৬ জুলাই (হি.স.)। বাক্সাৰ দাওধাৰাত যুৱ বিপিএফৰ কেন্দ্ৰীয় কাৰ্যকৰ্তা সন্মিলনত হাগ্ৰামা মহিলাৰী। প্ৰমোদ বড়োৰ চেহেৰা-পাতি চালেই গম পায় সি চৰকাৰ বনাব পাৰিবনে নাই! প্ৰমোদ বড়ো জিৰ', একদম টোটেলী শেষ।

আমিতো হাঁহি হাঁহি কথা ক'ব পাৰে, প্ৰমোদক এবাৰ হাঁহি কথা ক'ব কওঁকচোন। দেৱৰগাঁওত নিৰ্বাচন খেলিবলৈ কিমান ভাল ভাল মহিলা আছে লৈ আহক প্ৰমোদে, আমাৰ কি আপত্তি আছে ? মহিলা দিয়ে নে জেণ্টচ দিয়ে সিঁহতৰ কথা। প্ৰমোদ বড়োৱে দেৱৰগাওঁ ক'ত আছে চিনিয়ে নাপায়, সি ৰঙিয়াৰ মানুহ, বিটিচিৰ বাহিৰৰ মানুহ।

বিটিআৰত শান্তি অহা নাই, ৰঞ্জন দৈমাৰী জেলত আছে, এন ডি এফ বি বিলাক জেলত আছে, শান্তি চুক্তিকাৰীসকলেই জেলত আছে। আমাৰ দিনত শান্তি আছিল, অশান্তি প্ৰমোদ বড়োই আনিছে। কোনো দলৰ লগতেই আমাৰ বুজাবুজি নাই। বিপিএফে কোনোবা বিজেপি, কংগ্ৰেছ, ইউপিপিএলৰ লগত মিত্ৰতা কৰি নিৰ্বাচন খেলিম বুলি কেতিয়াও কোৱা নাই । কংগ্ৰছো আহক, বিজেপিও আহক, ইউপিপিএলো আহক, সকলো আহক, আমাৰ কোনো ক্ষতি নহয়, আমি নিৰংকুশ সংখ্যাগৰিষ্ঠত পাম।

প্ৰমোদ বড়োই যিমান মিছন লৈছে চব ফেইলাৰ, যিমান ভিজন লৈছে চব ফেইলাৰ, প্ৰমোদ বড়োক গালি দিবৰ কাৰণে জাগাই নাথাকা হ'ল আমাৰ।

উল্লেখ্য যে আজি বাক্সাৰ দাওধাৰাত আগন্তুক বিটিআৰ নিৰ্বাচনক লৈ আয়োজিত যুৱ বিপিএফৰ কেন্দ্ৰীয় কাৰ্যকৰ্তা সন্মিলনত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে। আজিৰ কাৰ্যকৰ্তা সন্মিলনত বিভিন্ন পৰিষদীয় সমষ্টিৰ পৰা অহা দলীয় যুৱনেতাসকলৰ সৈতে মত বিনিময় কৰি নিৰ্বাচন সংক্ৰান্তীয় কাম-কাজৰ অগ্ৰগতিৰ খতিয়ান লয় বিপিএফ নেতৃত্বই। আজিৰ সন্মিলনত কেবাগৰাকী ইউপিপিএল সদস্য আৰু এবছু কৰ্মীয়ে বিপিএফ দলত যোগদান কৰে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande