বিজনী বন্যপ্ৰাণীৰ অংগ-প্ৰতংগ চিকাৰ আৰু বিক্ৰী কৰাত জড়িত থকাৰ সন্দেহত মহিলা সহ চাৰিজন লোকক গ্ৰেপ্তাৰ
চিৰাং, ১৬ জুলাই (হি.স.)। চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত কুমাৰশ্বালী, ২ নং চোটো লাডাংগুৰি, আৰু ফাৰমাইছালি গাঁৱত মঙ্গলবাৰে নিশা আৰক্ষীয়ে ৪ টা ঘৰত তালাচী চলাই বিভিন্ন বন্যপ্ৰাণীৰ অংগ-প্ৰতংগ চিকাৰ আৰু বিক্ৰী কৰাত জড়িত থকাৰ সন্দেহত মহিলা সহ চাৰিজন লোক
বিজনী বন্যপ্ৰাণীৰ অংগ-প্ৰতংগ চিকাৰ আৰু বিক্ৰী কৰাত জড়িত থকাৰ সন্দেহত মহিলা সহ চাৰিজন লোকক গ্ৰেপ্তাৰ


চিৰাং, ১৬ জুলাই (হি.স.)। চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত কুমাৰশ্বালী, ২ নং চোটো লাডাংগুৰি, আৰু ফাৰমাইছালি গাঁৱত মঙ্গলবাৰে নিশা আৰক্ষীয়ে ৪ টা ঘৰত তালাচী চলাই বিভিন্ন বন্যপ্ৰাণীৰ অংগ-প্ৰতংগ চিকাৰ আৰু বিক্ৰী কৰাত জড়িত থকাৰ সন্দেহত মহিলা সহ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰে।

ধৃত লোক চাৰিজন ক্ৰমে ২ নং চোটো লাডাংগুৰিৰ প্ৰদীপ নাৰ্জাৰী ওৰফে ভেৰগো(৪৫), কুমাৰছালিৰ সমৰ সিং বসুমতাৰী(৫২), কাঞ্চা দৈমাৰী ওৰফে বুডাং(৪০) আৰু বিনাশ্ৰী বসুমতাৰী(৪০)।

আৰক্ষীয়ে প্ৰদীপ নাৰ্জাৰী ওৰফে ভাৰ্গোৰ ঘৰৰ পৰা বনৰীয়া জীৱ-জন্তু চিকাৰ কৰা লোহাৰ ফান্দ তিনিটা, ডাঙৰ আকাৰৰ বনৰীয়া গাহৰিৰ দাঁত চাৰিটা, পিষ্টলৰ গ্ৰীপ, হাতেৰে নিৰ্মিত বন্দুকৰ বেৰেল নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা কিছুমান লোহাৰ পাইপ, কিছুমান লোহাৰ গুলী, বন্দুক নিৰ্মাণৰ বাবে ব্যৱহাৰৰ সন্দেহ কৰা কিছুমান লোহাৰ স্প্ৰিং, এটা ভঙা ট্ৰিগাৰ, এটা ভঙা বেৰেল, কিছুমান সন্দেহযুক্ত বিস্ফোৰক, বৈদ্যুতিক ড্ৰিলিং মেচিন, মেচৰ বাকচ ১৮ টা উদ্ধাৰ কৰে।

ইফালে আৰক্ষীয়ে সমৰসিং বসুমতাৰীৰ ঘৰৰ পৰা এটা সন্দেহযুক্ত প্ৰায় ৩ ইঞ্চিৰ হাতীৰ দাঁত, বনৰীয়া জন্তুৰ হাড়, সন্দেহযুক্ত বন্যপ্ৰাণীৰ দাঁত পাঁচটা, সন্দেহযুক্ত বাঘৰ জিভা, সন্দেহযুক্ত বাঘৰ চুলি, সন্দেহযুক্ত পেংগুলিন ছালৰ অংশ, পৰ্কপাইন কাঁইট ২০ টুকুৰা আৰু অজ্ঞাত প্ৰাণীৰ কিছু শুকান অংগ উদ্ধাৰ কৰে।

পিছত জব্দকৃত সামগ্ৰী সহ ধৃত চাৰিজনক আৰক্ষীয়ে বিজনী থানালৈ লৈ আহে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande