বাক্সা, ০৩ জুলাই (হি.স.)। অহা ৫ জুলাইত বাক্সা লৈ আহিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। চৰকাৰী আঁচনিসমূহ পৰ্যালোচনা কৰাৰ পাচত অংশ ল'ব দলীয় সভাত। সমাগত বিটিচি নিৰ্বাচন সন্দৰ্ভত দলীয় সাংগঠনিক দিশৰ পৰ্যালোচনা কৰিব মুখ্যমন্ত্ৰীয়ে। ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই এই কথা জানিব দিয়ে।
মন্ত্ৰীগৰাকীয়ে বাক্সা জিলাৰ আয়ুক্ত কাৰ্যালয়ত বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে মত বিনিময় কৰি জালাহত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে অহা ৫ জুলাইত হবলগীয়া সভাৰ অগ্ৰগতিৰ বুজ লৈ কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাক্সাত চৰকাৰী আঁচনি সমুহ ৰাইজে পাবলৈ সক্ষম হৈছে নে নাই অথবা কিবা সমস্যা হৈ আছে নেকি এই সকলোবোৰ বিষয়ক লৈ ৰিভিউ ল'ব । তাৰ পিছতেই আগন্তুক বিটিচি নিৰ্বাচনক কেন্দ্ৰ কৰি দলীয় কৰ্ম-কৰ্তাৰ সৈতে বৈঠকত মিলিত হ'ব।
তেওঁ কয় যে দলীয় সভাত অংশ গ্ৰহণৰ পাচতহে দলে বিটিচি নিৰ্বাচনক লৈ সিদ্ধান্ত গ্ৰহণ কৰিব। দলৰ সাংগঠনিক ভেটিৰ ওপৰত নিৰ্ভৰ কৰি প্ৰাৰ্থী প্ৰক্ষেপ কৰিব।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু