সৰুপথাৰত ''এটি কলি দুটি পাত'' আচঁনিৰ শুভাৰম্ভ
গোলাঘাট, ০৩ জুলাই (হি.স.)। সৰুপথাৰত ''''এটি কলি দুটি পাত'''' আচঁনিৰ শুভাৰম্ভ কৰা হয়। সৰুপথাৰ সম জিলাৰ অন্তৰ্গত ৰেংমা চাহ বাগিচাত অসম চৰকাৰৰ এক অভিলাসী আচঁনি ''''এটি কলি দুটি পাত'''' আচঁনিখন শুভাৰম্ভণীৰ লগতে প্ৰ-পত্ৰ বিতৰণ কৰা হয়
সৰুপথাৰত ''এটি কলি দুটি পাত'' আচঁনিৰ শুভাৰম্ভ


গোলাঘাট, ০৩ জুলাই (হি.স.)।

সৰুপথাৰত ''এটি কলি দুটি পাত'' আচঁনিৰ শুভাৰম্ভ কৰা হয়।

সৰুপথাৰ সম জিলাৰ অন্তৰ্গত ৰেংমা চাহ বাগিচাত অসম চৰকাৰৰ এক অভিলাসী আচঁনি ''এটি কলি দুটি পাত'' আচঁনিখন শুভাৰম্ভণীৰ লগতে প্ৰ-পত্ৰ বিতৰণ কৰা হয়।

ৰেংমা চাহ বাগিচাত কৰ্মৰত ২৯০ জন শ্ৰমিকে উক্ত আঁচনিৰ জৰিয়তে সুবিধা লাভ কৰিব । উল্লেখ্য যে, চাহ শিল্পৰ ২০০ বছৰ উপলক্ষে অসম চৰকাৰে চাহ বাগিচাত কৰ্মৰত শ্ৰমিক সকলক ৫ হাজাৰকৈ টকা এককালীন সাহায্য হিচাপে প্ৰদান কৰিব । যাৰ ফলত চাহ বাগিচাত কৰ্মৰত শ্ৰমিক সকলৰ জীৱনত নতুন আশাৰ পোহৰ পৰিব বুলি জানিবলৈ দিয়ে । অনুষ্ঠানত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা উপস্থিত থাকে ।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande