গুৱাহাটীৰ গান্ধীবস্তিত অবৈধ ৰেলৱে ই-টিকটৰ ব্যৱসায়, গ্ৰেপ্তাৰ এজন ব্যক্তি
গুৱাহাটী, ০২ জুলাই (হি.স.)। ৰাজধানী গুৱাহাটীৰ গান্ধীবস্তিত চলি থকা অবৈধ ৰে’লৱে ই-টিকটৰ ব্যৱসায়ক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এগৰাকী চেলুন মালিকক। আচলতে যোৱা কেইদিনমানৰ পৰা ৰে’ল প্ৰশাসনে অবৈধ ৰে’লৱে ই-টিকট বিক্ৰীৰ অভ
গুৱাহাটীৰ গান্ধীবস্তিত অবৈধ ৰেলৱে ই-টিকটৰ ব্যৱসায়, গ্ৰেপ্তাৰ এজন ব্যক্তি


গুৱাহাটী, ০২ জুলাই (হি.স.)। ৰাজধানী গুৱাহাটীৰ গান্ধীবস্তিত চলি থকা অবৈধ ৰে’লৱে ই-টিকটৰ ব্যৱসায়ক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এগৰাকী চেলুন মালিকক।

আচলতে যোৱা কেইদিনমানৰ পৰা ৰে’ল প্ৰশাসনে অবৈধ ৰে’লৱে ই-টিকট বিক্ৰীৰ অভিযোগ লাভ কৰি আছিল। গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত ৰেলৱে অপৰাধ অনুসন্ধান শাখাৰ বিশেষ দলে অভিযান চলায়।

ৰে’ল বিষয়াগৰাকীয়ে জনোৱা মতে, গুৱাহাটীৰ গান্ধীবস্তি অঞ্চলত অৱস্থিত এখন চেলুনত আৰক্ষীয়ে অভিযান চলাই তাৰ পৰা মুঠ ১৭টা ই-টিকট উদ্ধাৰ কৰে। লগতে এই অবৈধ কামত ব্যৱহৃত এটা সম্পূৰ্ণ কম্পিউটাৰ চেটও জব্দ কৰা হৈছে। ৰে’ল প্ৰশাসনে ছীল কৰিছে চেলুনখন। এই অভিযানৰ নেতৃত্বত আছিল চিআইবিৰ বিষয়া বিক্ৰম।

ৰে’লৱেৰ অনুমোদিত এজেন্সী অবিহনে ই-টিকট বিক্ৰী কৰাটো সম্পূৰ্ণ অবৈধ। এই অপৰাধত গ্ৰেপ্তাৰ হৈছে চেলুনৰ স্বত্বাধিকাৰী অৰুণ কুমাৰ ঠাকুৰ। তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।

ৰে’ল প্ৰশাসনে স্পষ্ট কৰি দিছে যে যিকোনো ধৰণৰ অবৈধ টিকট ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। লগতে সাধাৰণ জনতাক আই আৰ চি টি চিৰ অনুমোদিত এজেণ্ট বা চৰকাৰী ৱেবছাইটৰ পৰাহে টিকট বুকিং কৰিবলৈ আবেদন জনোৱা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande