ৰঙিয়াৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙালে নাগৰিক মঞ্চই
কামৰূপ, ০২ জুলাই (হি.স.)। ৰঙিয়াৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাই ৰঙিয়া প্ৰেছ ক্লাবত সংবাদমেল নাগৰিক মঞ্চৰ। এশ এবুৰি সমস্যাৰে জৰ্জৰিত ৰঙিয়াৰ সমস্যাসমূহ উদঙাই ক্ষোভ উজাৰিলে বিধায়ক ভৱেশ কলিতাৰ বিৰুদ্ধে। ৰঙিয়া সম-জিলাৰ মূল সমস্যাবোৰক আওকাণ কৰাৰ গুৰুতৰ
ৰঙিয়াৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙালে নাগৰিক মঞ্চই


কামৰূপ, ০২ জুলাই (হি.স.)। ৰঙিয়াৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাই ৰঙিয়া প্ৰেছ ক্লাবত সংবাদমেল নাগৰিক মঞ্চৰ। এশ এবুৰি সমস্যাৰে জৰ্জৰিত ৰঙিয়াৰ সমস্যাসমূহ উদঙাই ক্ষোভ উজাৰিলে বিধায়ক ভৱেশ কলিতাৰ বিৰুদ্ধে।

ৰঙিয়া সম-জিলাৰ মূল সমস্যাবোৰক আওকাণ কৰাৰ গুৰুতৰ অভিযোগ শাসকীয় চৰকাৰৰ বিৰুদ্ধে নাগৰিক মঞ্চ, ৰঙিয়াৰ। ৰঙিয়া প্ৰেছ ক্লাবত সংবাদ মেল সম্বোধন কৰি কেবাটাও দাবী উত্থাপন কৰে। এই দাবী সমূহ শীঘ্ৰেই পূৰণ নহ'লে গনতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰে ৰঙিয়াত নাগৰিক মঞ্চই।

উল্লেখযোগ্য যে, সংবাদ মেলত উপস্থিত থাকে ৰঙিয়াৰ নাগৰিক মঞ্চৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকা, ৰঙিয়া পৌৰসভাৰ প্ৰাক্তন পৌৰপতি সীমা বৈশ্য, প্ৰাক্তন পাৰিষদ দ্বীপেন চক্ৰৱৰ্তী, অসম ৰেল যাত্ৰী সন্থাৰ সম্পাদক দীপাংকৰ শৰ্মা, তামুলপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দ্বীপচৰণ লহকৰ, অৱসৰপ্ৰাপ্ত কৰ বিষয়া মহেশ্বৰ ডেকা, সঞ্জীৱ কলিতা, হৰি কেঞালকে ধৰি কেইবাগৰাকীও গন্য মান্য ব্যক্তি।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande