চৰাইদেউ, ০২ জুলাই (হি.স.)। বসুন্ধৰা কলা নিকেতন, সোণাৰিৰ উদ্যোগত আৰু সমূহ মথুৰাপুৰবাসী ৰাইজৰ সহযোগত বুধবাৰে মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এদিনীয়া কাৰ্য্যসূচীৰেচৰাইদেউ জিলা ভিত্তিত গ্ৰীস্মকালীন চিত্ৰাংকন প্ৰতিযোগিতা আৰু ২ জুলাইৰ পৰা ৫ জুলাইলৈ এখনি কবিতা আবৃত্তি কৰ্মশালা অনুষ্ঠিত কৰা হয়।
চিত্ৰাংকন প্ৰতিযোগিতা চাৰিটা শাখাত অনুষ্ঠিত কৰা হয়।চিত্ৰাংকনৰ বিষয় সমূহ আছিলঃ পৰিৱেশ সম্পৰ্কীয়, পৰিৱেশ প্ৰদূষণ, অনৈক্যৰ মাজত ঐক্য আৰু গোলকীয় উঞ্চতা।চিত্ৰাংকন প্ৰতিযোগিতাখনি উদ্বোধন কৰে মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ নৱকান্ত শইকীয়াই।বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক আদিত্য বৰঠাকুৰ, বসুন্ধৰা কলা নিকেতনৰ সম্পাদক অমৰজ্যোতি গগৈ লাকুৱা থাৰ্মেল মডেল স্কুলৰ শিক্ষক প্ৰণৱজ্যোতি বুঢ়াগোহাঁই।
উক্ত চিত্ৰাংকন প্ৰতিযোগিতাৰ আটাইকেইটা শাখাত প্ৰায় দুই শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।অন্যহাতে ২ জুলাইৰ পৰা ৫ জুলাই লৈকে এক কবিতা আবৃত্তি কৰ্মশালা অনুষ্ঠিত কৰা হৈছে।কবিতা আবৃত্তি কৰ্মশালা বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে মথুৰাপুৰ সমন্বয় সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা মঞ্জু ৰাজকোৱঁৰে, এই কৰ্মশালাৰ প্ৰশিক্ষক হিচাবে সোণাৰিৰ সমল ব্যক্তি বিশিষ্ট কথাশিল্পী তথা আবৃত্তিকাৰ পদ্মজা ফুকন, আৰু সীমা চাংমাই উপস্থিত থকাৰ ওপৰি অঞ্চলটোৰ বিশিষ্ট ব্যক্তি ইছলাম আহমেদ, লাকুৱা থাৰ্মেল মডেল স্কুলৰ জ্যেষ্ঠ শিক্ষক দুস্মন্ত কুমাৰ নাথ উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ