মৰিগাঁও, ০২ জুলাই (হি.স.)। মৰিগাঁও জিলাৰ খাদ্য সুৰক্ষা বিভাগৰ নিৰৱতাৰ বিৰুদ্ধে তৎপৰ আৰক্ষী। অস্বাস্থ্যকৰ পৰিবেশত প্ৰস্তুত কৰে শীতল পনীয়। আৰু অন্যান্য সামগ্ৰী। লাহৰীঘাট সমজিলাৰ আৰক্ষী অধীক্ষক দিগন্ত বৰুৱাৰ নেতৃত্বত মৈৰাবাৰীৰ বৰচাপৰি গাৱত থকা বৰফ ফ্ৰেক্টৰীত চলে এক অভিযান।
অভিযানত ধৰা পৰে বহু অনিয়ম আৰু অনুপযোগী সামগ্ৰীৰ ব্যৱহাৰৰ তথ্য। প্ৰচণ্ড গৰমৰ সুযোগ লৈ এই বৰফ ফেক্টৰীয়ে অস্বাস্থ্যকৰ পৰিবেশত প্ৰস্তুত কৰাই নহয় বহুজাতিক কোম্পানীৰ নকল শীতল পনীয় সামগ্ৰী ব্যৱহাৰ কৰাৰ তথ্য ফাদিল কৰে আৰক্ষীৰ দলটোৱে। আৰক্ষীয়ে উদ্বাৰ কৰা এই বিষ জাতীয় বৰফ ফ্ৰেক্টৰীক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ