মাটিয়াৰ নৱাগত শিমলীতোলা ভাটিপাৰাত এগৰাকী ব্যক্তিৰ সলিল সমাধি
মাটিয়াৰ নৱাগত শিমলীতোলা ভাটিপাৰাত পানীত ডুবি এগৰাকী ব্যাক্তিৰ সলিল সমাধি ।
মাটিয়াৰ নৱাগত শিমলীতোলা ভাটিপাৰাত এগৰাকী ব্যক্তিৰ সলিল সমাধি


গোৱালপাৰা, ০২ জুলাই (হি.স.): গোৱালপাৰা জিলাৰ মাটিয়া আৰক্ষী থানাৰ অন্তৰ্গত নৱাগত শিমলীতোলা ভাটিপাৰাত যোৱাকালি মঙলবাৰে বিয়লি পানীত ডুবি এগৰাকী ব্যক্তিৰ সলিল সমাধি ঘটাত বৃহত্তৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

জানিব পৰা মতে, সংশ্লিষ্ট আৰক্ষী থানাৰ এলেকাধীন নৱাগত শিমলীতোলা ভাটিপাৰা গাওঁৰ বাসিন্দা সহমান আলীয়ে (৭০) ঘৰৰ কাষতে থকা জলজলিৰ নদীৰ সুঁতি পাৰ হৈ পথাৰৰ পৰা গৰু আনিবলৈ যোৱাতে হঠাৎ কেনেবাকৈ নৈত পৰি মৃত্যুমুখত পৰে। ওচৰ চুবুৰীয়াই লগে লগে পানীৰ পৰা উদ্ধাৰ কৰি আৰক্ষীক খৱৰ দিয়ে। পিছত ঘটনাস্থলীত নৱাগত শিমলীতোলা পহৰা চকীৰ দলে উপস্থিত হৈ মৃত ব্যক্তি গৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। লোকজনৰ এনে অকাল বিয়োগত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande