হানিটেপিং ঘটনাৰ সন্দৰ্ভত যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰিয়াজ হুছেইনক সোধপোছ
আৰক্ষী থানাৰ পৰা ওলাই আহি প্ৰতিক্ৰিয়া প্ৰকাশ সাধাৰণ সম্পাদক গৰাকীৰ।।
হানিটেপিং ঘটনাৰ সন্দৰ্ভত যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰিয়াজ হুছেইনক সোধপোছ


যোৰহাট, ০২ জুলাই (হি.স.): যোৰহাট চহৰৰ হানি টেপিং ঘটনাৰ বাবে সমগ্ৰ চহৰ খনৰ লগতে যোৰহাট জিলাত ও ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। ইতিমধ্যে এই ঘটনাৰ ভুল খলনায়কৰ গজানন মুণ্ডা আৰু মুণ্ডাৰ ভাতৃ পলাই আছে। যোৰহাটৰ ৰাজেশ আগৰৱালা নামৰ এজন ব্যৱসায়ীক হানিটেপিং জড়িয়তে বহু লক্ষ্য ধন হস্তগত কৰাৰ ঘটনাই সমগ্ৰ যোৰহাটত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এই ঘটনাৰ লগত লোক সকলৰ বিৰুদ্ধে ইতিমধ্যে যোৰহাট আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। পাৰভেজ হুছেইন নামৰ এজন যুৱকৰ নাম সাঙুৰ খাই পৰাৰ পাছতে ঘটনা ই নতুন মোৰ লৈ যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰিয়াজ হুছেইনৰ নামো আহিছিল। যোৱাকালি যোৰহাট সদৰ আৰক্ষী চকীত দিনৰ ভাগতে উপস্থিত হোৱা ৰিয়াজ হুছেইনক দিনটো যোৰা সোধ-পোছৰ শেষত কালি নিশাৰ ভাগত যাবলৈ দিয়া হয়। ইতিমধ্যে আৰক্ষী চকীৰ পৰা ওলাই আহি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যোৰহাট জিলা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক গৰাকীয়ে কয় যে তেওঁ এই ঘটনা সন্দৰ্ভত আৰক্ষীক সকলো ধৰণে সহযোগিতা কৰি যাব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande