ভাঙি লণ্ড ভণ্ড কৰিলে দোকানৰ আজবাব পত্ৰ।
স্থানীয় গাওঁ প্ৰধান আবু ছায়েদৰ উচটনিত ওলাই আহে ১৫-২০ জনীয়া দল।
অৱশেষত কলগাছিয়া আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি
বৰপেটা, ০২ জুলাই (হি.স.): বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ডিমাপুৰ গাৱঁৰ আমতলা বজাৰত শাৰিফুল ইছলাম ওৰফে বাবু নামৰ এজন দোকানীৰ গেলামালৰ দোকানত দেওবাৰে নিশাৰ ভাগত সংঘটিত হৈছিল চুৰিকাণ্ড। উক্ত চুৰি কাণ্ডৰ লগত গাঁওখনৰ মনিৰুল ইছলাম নামৰ এজন যুৱকে জড়িত থকা বুলি সন্দেহ কৰি মনিৰুল ইছলামক দোকানী জনে কালি বিয়লি আটক কৰাৰ পিছতেই উত্তপ্ত হৈ পৰে পৰিস্থিতি।
স্থানীয় গাওঁ প্ৰধান আবু ছায়েদৰ নেতৃত্বত প্ৰায় ১৫/২০ জনীয়া এটি দলে ওলাই আহি মনিৰুলৰ পক্ষ লোৱাৰ লগতে ভয়ংকৰ মাৰপিটত লিপ্ত হয়। লগতে দোকানৰ সমগ্ৰ সামগ্ৰী ভাঙি তচনচ কৰি দিয়ে দলটোৱে। ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে পৰিস্থিতি। পিছত কলগাছিয়া আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে বুলি জানিব পৰা গৈছে। ইফালে উক্ত মাৰপিটত দুয়ো পক্ষৰ লোক আহত হয় বুলি জানিব পৰা গৈছে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি এক চঞ্চল্যৰ সৃষ্টি হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ