কোকৰাঝাৰ, ১৮ জুলাই (হি.স.)। অখিল হিন্দী ভাষী বিকাশ পৰিষদ বিটিআৰৰ কেন্দ্রীয় সভাপতি তথা বৃহত্তৰ কোকৰাঝাৰ লায়ন্স ক্লাবৰ সদ্য প্ৰাক্তন সভাপতি সঞ্জয় তিৱাৰীয়ে আজি গুৱাহাটীত বাজপেয়ী ভৱনত বিজেপি দলত যোগদান কৰে।
দলৰ অসম প্ৰদেশ সমিতিৰ প্ৰভাৰী হৰিশ দ্বিবেদীৰ যোগসুত্ৰৰ মাধ্যমেৰে বিজেপি দলত যোগদান কৰাৰ সময়ত অসম প্ৰদেশ সমিতিৰ সভাপতি দিলীপ শইকীয়াই সঞ্জয় তিৱাৰীক গামোচাৰে আদৰণি জনায়। লগতে উপস্থিত আছিল বিজেপিৰ বিভিন্ন নেতা সকল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ