অসম বংগৰ সীমান্তৰ ৰণ পাগলীৰ সংকোচ নদীত মৃতদেহ উদ্ধাৰ
অসম বংগৰ সীমান্তৰ ৰণ পাগলীৰ সংকোচ নদীত মৃত দেহ উদ্ধাৰ।
অসম বংগৰ সীমান্তৰ ৰণ পাগলীৰ সংকোচ নদীত মৃতদেহ উদ্ধাৰ


ধুবুৰী, ১৯ জুলাই (হি.স.): অসম বংগৰ সীমান্তৰ গোলকগঞ্জৰ ৰণপাগলীত সোণকোষ ( বুঢ়া) নদীত এটি মৃতদেহ উদ্ধাৰ কৰা হয়। যোৱাকালি শুকুৰবাৰে বিয়লি উদ্ধাৰ কৰা মৃতদেহটো ঝাপুচাবাৰী তৃতীয় খণ্ড গাৱঁৰ নিতাই সাহাৰ পুত্ৰ বিকাশ সাহাৰ বুলি চিনাক্ত কৰা হৈছে ।

জানিব পৰামতে, বুধবাৰ সন্ধিয়াৰে পৰাই নিখোঁজ হৈছিল যুৱক জন। এই সন্দৰ্ভত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰে আগমনি থানাত। উপযুক্ত তথ্যৰ অভাৱত সন্ধান উলিওৱাত ব্যৰ্থ হয় আৰক্ষী। অৱশেষত নদীত মৃতদেহ উপঙি উঠাৰ পিছতহে বিকাশৰ সন্ধান ওলায় । মৃতদেহটো স্থানীয় ৰাইজ প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক। আৰক্ষী আৰু দণ্ডাধীশৰ উপস্থিতিত উদ্ধাৰ কৰা হয় মৃতদেহটো।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande