ধুবুৰী, ১৯ জুলাই (হি.স.): গৌৰীপুৰত কালি সন্ধিয়া NASSPৰ হাতত মমবাতি লৈ প্ৰতিবাদ। গৌৰীপুৰৰ নাৰী সমিতিত নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ চমুকৈ NASSPৰ প্ৰতিবাদ।কোকৰাঝাৰ জিলাৰ প্ৰন্সেশৰ কোচ চি আৰ পি জুবান ঝাড়খণ্ড সহিত হোৱা আত্মা শান্তি বাবে হাতে হাতে মম লৈ প্ৰতিবাদ।
গোৱালাপাৰা জিলাৰ পাইকানৰ উচ্ছেদস্থলীত আৰক্ষীৰ গুলী চালনাত দুজন নিহত আৰু কেইবাজনো আহত হোৱাক কেন্দ্ৰ কৰি গৌৰীপুৰ নাৰী সমিতি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ চমুকৈ এনএএছএছপিয়ে উত্তাল প্ৰতিবাদ সাব্য়স্ত কৰে। গোৱালপাৰা জিলাৰ পাইকানৰ উচ্ছেদিত লোকৰ ওপৰত আৰক্ষীয়ে গুলি চলোৱা ঘটনাৰ বিৰুদ্ধে ৰাজ্যৰ সংখ্যালঘু দল-সংগঠনে বিভিন্ন ঠাইত আৰম্ভ কৰিছে প্ৰতিবাদ। তাৰ সমান্তৰালকৈ যোৱাকালি শুকুৰবাৰে সন্ধিয়া ভাগত নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ চমুকৈ এনএএছএছপিৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত গৌৰীপুৰ বজাৰৰ মাজ মজিয়াত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।
বৰ্তমানৰ বিজেপি চৰকাৰখনে অসমত একপ্ৰকাৰ হিটলাৰী শাসন চলাই অকল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকক অত্যাচাৰ কৰি থকাৰ অভিযোগ কৰে নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ধুবুৰী জিলাৰ সমিতৰ সভাপতি আছিফ জামানে। অসমৰ মূখ্যমন্ত্ৰী গৰাকীয়ে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি আৰক্ষী বাহিনীৰ জৰিয়তে গোৱালপাৰাৰ পাইকানত অমানৱীয়ভাৱে উচ্ছেদ কৰা লোকক গুলিয়াই হত্যা কৰাৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে আৰু অধিক আন্দোলন কৰাৰ হুংকাৰ দিছে নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ চমুকৈ এনএএছএছপিৰ ধুবুৰী জিলাৰ সমিতৰ সভাপতি আছিফ জামানে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ