শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিত ইমানুয়েল মানচিং হাসদাক বি জে পি দলৰ টিকট প্ৰদানৰ দাবী
শ্ৰীৰামপুৰ মণ্ডল কমিটীৰ সংখ্যালঘু মোৰ্চা, মোৰনাই টি মোৰ্চা আৰু মোৰনাই টি মহিলা মৰ্চাৰ সংবাদমেল।
শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিত ইমানুয়েল মানচিং হাসদাক বি জে পি দলৰ টিকট প্ৰদানৰ দাবী


কোকৰাঝাৰ, ১৯ জুলাই (হি.স.): বিটিচি পৰিষদীয় নিৰ্বাচনত ৩ নং শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিত ইমানুয়েল মানচিং হাসদাক বি জে পি দলৰ টিকট প্ৰদানৰ দাবী জনাইছে বি জে পি দলৰ শ্ৰীৰামপুৰ মণ্ডল কমিটীৰ সংখ্যালঘু মোৰ্চা, মোৰনাই টি মোৰ্চা আৰু মোৰনাই টি মহিলা মৰ্চাৰ নেতৃবূন্দই । সেই সন্দৰ্ভত মোৰনাই চাহ বাগিছাৰ সমুহীয়া ভৱনত যোৱাকালি শুকুৰবাৰে সন্ধিয়া এক সংবাদমেল সম্বোধন কৰে ।

সংবাদমেলত শ্ৰীৰামপুৰ মণ্ডল বি জে পিৰ সংখালঘু মৰ্চাৰ সাধাৰণ সম্পাদক ছমচেৰ আলী, মোৰনাই টি মৰ্চাৰ সভাপতি ডেভিড চাম্পী আৰু মহিলা টি মৰ্চাৰ নেত্ৰী পুষ্পলতা আইণ্ডে আগন্তুক বি টি চিৰ পৰিসদীয় নিৰ্বাচনত ৩ নং শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিত শ্ৰীৰামপুৰ মণ্ডল বি জে পিৰ প্ৰাক্তন সভাপতি ইমানুয়েল মানচিং হাসদাক বি জে পিৰ দলীয় টিকট প্ৰদানৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু অসম ৰাজ্যিক বি জে পিৰ সভাপতি দিলীপ শইকীয়াৰ ওচৰত দাবী জনায় ।

সমষ্টিটোৰ সকলো জাতি আৰু জনগোষ্ঠীৰ ভোটাৰ ৰাইজ ইমানুয়েল হাসদাৰ পক্ষত আছে বুলি প্ৰকাশ কৰি তেওঁ বি জে পি দলৰ টিকট লাভ কৰিলে সমষ্টিটৌৰ পৰা জয়লাভ কৰাটো নিশ্চিত বুলিও দাবী কৰে । উল্লেখ্য যে আগন্তুক বি টি চি পৰিষদীয় নিৰ্বাচনত শ্ৰীৰামপুৰ সমষ্টিত বি জে পি দলৰ টিকটৰ দাবীদাৰ বৰ্তমানৰ ই এম সজল সিংহ, ইতি সৰকাৰ আৰু ইমানুয়েল মানচিং হাসদা বুলি জানিব পৰা গৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande