কোকৰাঝাৰ ১৯ জুলাই (হি.স.): বিটিছি নিৰ্বাচনক লৈ তৎপৰতা বৃদ্ধি হৈছে ৰাজনৈতিক দল সমুহৰ ।এই ক্ষেত্ৰত পিছপৰি ৰৈ থকা নাই হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলো । দিনে নিশাই চলাইছে মত বিনিময়ৰ লগতে বুথ সবলিকৰন সভা । যোৱাকালি শুকুৰবাৰে নিশা পাৰৌৰাত মত বিনিময়ৰ লগতে বুথ সবলি কৰণ সভা অনুষ্ঠিত কৰে । উক্ত সভাত উপস্থিত থাকে বিপিএফৰ কেন্দ্ৰীয় সম্পাদক ড: ৰেজাউল কৰিম , যুব বিপিএফৰ কামালউদ্দিন সেখ আদিৰ লগতে বিপিএফ বিভিন্ন নেতা সকল ।
বিপিএফৰ কেন্দ্ৰীয় সম্পাদক ড:ৰেজাউল কৰিমে সভাত আগন্তুক দিনত বিপিএফৰ সৰকাৰ আহিলে লোকসকলে ভূগি থকা সমস্যা সমাধান কৰিব বুলি উল্লেখ কৰে। তেওঁ কয় যে পাৰৌৰাত গাঁৱত জটিল জটিল সমস্যা আছে তাৰি ভিতৰত মাটিৰ সমস্যা ডাঙৰ সমস্যা। এই সমস্য়া বিপিএফে সমাধান কৰিব বুলিও তেওঁ কয়। লগতে আগন্তুক দিনত বিজেপি, ইউ পি পি এলৰ সৰকাৰ আহিলে বিটিচিতো উচ্ছেদ আৰম্ভ হ’ব বুলি ব্য়ক্ত কৰে। আনহাতে বডোলেণ্ড শান্তি চুক্তি ভেকোভাওনাত পৰিণত হৈছে বুলিও মন্তব্য কৰে বিপিএফৰ কেন্দ্ৰীয় সম্পাদক ড: ৰেজাউল কৰিমে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ