ধুবুৰী, ১৬ জুলাই (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত আটক হৈছে এগৰাকী মহিলা সহ আন দুজন যুৱক আটক। আজি পুৱতি নিশাই গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিৰঞ্জীৱ লাহণৰ নেতৃত্বত এক গোপন অভিযানৰ ভিত্তিত গৌৰীপুৰ দামপুৰ ২য় খণ্ড গাওঁৰ জেলেকা খাতুন নামৰ এগৰাকীৰ মহিলাৰ বাসগৃহত অভিযান চলায়। অভিযানৰ ভিত্তিত ৪৫.৮২ গ্ৰাম ব্ৰাউন সুগাৰ তিনিটাকৈ মোবাইল ফোন আৰু ১৩ হেজাৰ ৪০০ টকা নগত ধন জব্দ কৰিবলৈ সক্ষম হয়।
গৌৰীপুৰ আৰক্ষীয়ে জেলেকা খাতুনৰ লগতে ৰেজ্জাক আলী আৰু সাহাদত আলী নামৰ আন দুজন যুৱকো আটক কৰে। অভিযোগ মতে জেলেকা খাতুনে দীৰ্ঘ দিনধৰি অবৈধ ড্ৰাগছৰ বিক্ৰী কৰি থকাৰ অভিযোগ উঠিছে। বৰ্তমানে আৰক্ষীয়ে মহিলা সহ যুৱক দুজনক আটক কৰি থানালৈ আনি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ