নতুন দিল্লী, ১৬ জুলাই (হি.স.)। কেন্দ্ৰীয় চৰকাৰে নৱৰত্ন কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ (চিপিএছই)ৰ ক্ষেত্ৰত প্ৰযোজ্য বৰ্তমানৰ বিনিয়োগ নিৰ্দেশনাৰ পৰা এনএলচি ইণ্ডিয়া লিমিটেডক বিশেষ ৰেহাই প্ৰদান কৰিছে। এই কৌশলগত সিদ্ধান্তই এনএলচিআইএলে ইয়াৰ সম্পূৰ্ণ মালিকানাধীন সহযোগী প্ৰতিষ্ঠান এনএলচি ইণ্ডিয়া ৰিনিউৱেবলছ লিমিটেড (এনআইআৰএল)ত ৭ হাজাৰ কোটি টকা বিনিয়োগ কৰিবলৈ সক্ষম কৰিব আৰু পাছলৈ এনএলচিআইএলে বৰ্তমানৰ ক্ষমতা প্ৰদানৰ অধীনত পূৰ্বৰ অনুমোদনৰ প্ৰয়োজন নোহোৱাকৈ পোনপটীয়াকৈ বা যৌথ উদ্যোগ গঠন কৰি বিভিন্ন প্ৰকল্পত বিনিয়োগ কৰিব পাৰিব।
প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অর্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীয়ে এই প্রস্তাৱত অনুমোদন জনায়৷ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বুধবাৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম কেন্দ্ৰত কেবিনেটৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে।
ইয়াৰ অধীনত চিপিএছইসমূহে যৌথ উদ্যোগ আৰু সহযোগী কোম্পানীসমূহত সামগ্ৰিক বিনিয়োগৰ বাবে ৰাজহুৱা উদ্যোগ বিভাগে (ডিপিই) নিৰ্ধাৰণ কৰা ৩০ শতাংশ নিকা সম্পত্তিৰ সীমাৰ পৰাও ৰেহাই দিয়া হৈছে। ইয়াৰ দ্বাৰা এনএলচিআইএল আৰু এনআইআৰএলক অধিক কাৰ্য্যকৰী আৰু বিত্তীয় নমনীয়তা প্ৰদান কৰা হ’ব।
এই ৰেহাইৰ লক্ষ্য হৈছে ২০৩০ চনৰ ভিতৰত ১০.১১ গিগাৱাট নবীকৰণযোগ্য শক্তি (আৰ ই) ক্ষমতা বিকশিত কৰি ২০৪৭ চনৰ ভিতৰত ইয়াক ৩২ গিগাৱাটলৈ সম্প্ৰসাৰণ কৰাৰ অভিলাষী লক্ষ্যক সমৰ্থন কৰা। এই অনুমোদন চিওপি (COP) ২৬ৰ সময়ত ভাৰতে কম কাৰ্বন অৰ্থনীতিৰ দিশত আগবাঢ়ি যোৱা আৰু বহনক্ষম উন্নয়ন সাধনৰ প্ৰতিশ্ৰুতিৰ সৈতে সামঞ্জস্যপূৰ্ণ।
উল্লেখযোগ্য যে দেশখনে নিজৰ ‘পঞ্চমৃত’ লক্ষ্য আৰু ২০৭০ চনৰ ভিতৰত নিকা শূন্য নিৰ্গমন লাভৰ দীৰ্ঘম্যাদী প্ৰতিশ্ৰুতিৰ অংশ হিচাপে ২০৩০ চনৰ ভিতৰত ৫০০ জিৱাট অজীৱাশ্ম ইন্ধন শক্তিৰ ক্ষমতা গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া